পুথিখাটি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন কণমানি ছাত্ৰ

স্কুলৰ প্ৰথম দিনটোতেই কণমানি ছাত্ৰৰ তিক্ত অভিজ্ঞতা...
পুথিখাটি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন কণমানি ছাত্ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ পুথিখাটি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বাটমাৰী অঞ্চলৰ চৰকাৰী বিদ্যালয়খনৰ শিক্ষক এগৰাকীয়ে নিৰ্বোধ ছাত্ৰৰ ওপৰত চলোৱা শাৰীৰিক অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে উক্ত বিদ্যালয়খনত নতুন শিক্ষা বৰ্ষত কণ কণ শিশুসকলক নামভৰ্তিৰ বাবে প্ৰধান শিক্ষক লোহিত শইকীয়াৰ নেতৃত্বত শিক্ষকৰ দল এটাই পুথিখাটি গাঁৱৰ অভিভাৱকসকলক আহ্বান জনাইছিল । প্ৰধান শিক্ষক শইকীয়াৰ আহ্বানৰ প্ৰতি সন্মান জনাই গাঁৱখনৰ ব্ৰজেন দাসৰ চাৰে তিনি বছৰীয়া পুত্ৰক মঙলবাৰে বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ।

কিন্তু  কণমানি নিৰ্বোধ ছাত্ৰগৰাকীয়ে বিদ্যালয় কি,শিক্ষা কি আদি শিকাৰ পূৰ্বে অর্জন কৰিলে এক অমানুষিক নিৰ্যাতনৰ অসহনীয় অভিজ্ঞতা। এক বৰ্বৰ আৰু পাশৱিক অত্যাচাৰৰ নিৰ্মম অভিজ্ঞতাৰ সন্মুখীন হ’ব লগা হ’ল ছাত্ৰগৰাকী।

ছাত্ৰজনৰ বিদ্যালয় গমনৰ দ্বিতীয় দিনা মঙলবাৰে প্ৰাতঃ বন্দনা অনুষ্ঠিত হোৱাৰ পাছতেই অজ্ঞাত কাৰণত দানৱৰূপী প্ৰধান শিক্ষক লোহিত শইকীয়াই শিশু ছাত্ৰজনৰ গালত এটা পূৰ্ণহতীয়া চৰ মাৰে। বিদ্যালয়খনৰ অন্যান্য ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সন্মুখতে বৰ্বৰ প্ৰধান শিক্ষকজনে কেৱল প্ৰচণ্ড চৰ মাৰিয়ে ক্ষান্ত নাথাকি শিশুটিক ওপৰলৈ দাঙি মাটিত ঠেকেচি দিয়ে ।

ফলত শিশুটিয়ে পৰিহিত পেন্টতে প্ৰসাৱপৰ্যন্ত কৰি কান্দিবলৈ ধৰে। দুপৰীয়া অভিভাৱকে নিজৰ শিশুটিক বিদ্যালয়ৰ পৰা আনিবলৈ গৈ প্ৰত্যক্ষ কৰে এই নিৰ্মম নিৰ্যাতনৰ সুস্পষ্ট চিন ।

শিশুটিৰ গালত শিক্ষকগৰাকীৰ ৫টাকৈ আঙুলিৰ স্পষ্ট চিহ্ন জিলিকি থকাৰ লগতে গালখন ফুলি কাণৰ বিষত ভোগা বুলি অৱগত হয় । ইয়াৰ পাছতে অভিভাৱকে ক্ষীপ্ৰতাৰে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ শিশুটিক লৈ গৈ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে।

পৰৱৰ্তী সময়ত অভিভাৱকে এই তালিবাণী আক্ৰমণ সংঘটিত কৰা প্ৰধান শিক্ষকগৰাকীৰ লগতে অন্য শিক্ষকসকললৈ ফোন কৰি অভিযোগ দিয়ে যদিও কোনো সুদত্তৰ লাভ নকৰিলে । পাছত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক মৌখিক অভিযোগ দিয়াত সভাপতিগৰাকীয়ে ফোন কৰাত  প্ৰধান শিক্ষকজনে চৰকাৰী কামত অফিচলৈ অহা বুলি দায়িত্বহীন মন্তব্য কৰি বিষয়টোৰ পৰা আঁতৰি থাকে । সম্প্ৰতি কনমানি ছাত্ৰজন ঘৰতে চিকিৎসাধীন হৈ আছে।

আন এক অভিযোগ অনুসৰি বিদ্যালয়খনৰ অন্য এগৰাকী শিক্ষক তথা মাতাল ব্যক্তিয়ে সোমবাৰে বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰক এচাৰীৰে নিৰ্মম বাবে পিঠিত প্ৰহাৰ কৰাৰো প্ৰামানিক তথ্য লাভ কৰা গৈছে। শিক্ষকতাৰ নামত এনেদৰে মাতব্বৰী শাসন চলাই কণ কণ শিক্ষাৰ্থীসকলক ভীতিগ্ৰস্ত কৰা আৰু মানসিক উৎপীড়ন চলাই নিৰ্যাতন চলোৱা অমানবীয় কাণ্ডই সমগ্ৰ ঢকুৱাখনাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ।

শিক্ষকতাৰ নামত দানৱীয় চৰিত্ৰৰহে বহিঃ প্ৰকাশ কৰা এনেবোৰ কাণ্ডজ্ঞানহীন উদণ্ড শিক্ষকৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে অভিভাৱক আৰু শিক্ষাব্ৰতী ৰাইজ। উল্লেখ কৰা প্ৰয়োজন যে উক্ত ঘটনা সন্দৰ্ভত বুধবাৰে এই অমানৱীয় কাণ্ড সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ এখন বৈঠক আহ্বান কৰা হৈছে।

ন্যায়কামী ৰাইজৰ দাবী- দৰিদ্ৰ অভিভাৱক অদ্যপি আৰক্ষীৰ কাষ চপা নাই যদিও ঘিলামৰা থানাৰ আৰক্ষীয়ে এই সন্দৰ্ভত এক নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিব লাগে । শিক্ষাৰ অধিকাৰ আইনক পদপিষ্ট কৰি শিশুক শাৰীৰিক অত্যাচাৰ চলোৱা শিক্ষকক চিনাক্ত কৰি দৃষ্টান্তমূলক আৰু কঠোৰতম শাস্তি বিহিব লাগে ।

এইক্ষেত্ৰত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নতৰাজন আৰু ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে ৰাইজে । স্মৰ্তব্য যে শিক্ষকৰ এই  পাশৱিক কাণ্ড সন্দৰ্ভত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অৱগত হোৱাৰ পাছতো গ্ৰহণ কৰিছে মুক বধিৰৰ ভূমিকা ।

পুথিখাটি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন কণমানি ছাত্ৰ
বৰহোলা জাতীয় বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদ্‌যাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in