ঢকুৱাখনাত ৬১ বছৰীয়া লম্পটৰ কামানাৰ বলি ৯ বছৰীয়া কিশোৰী

এক অমানৱীয় নিৰ্লজ্জ ঘটনাই জোকাৰি গৈছে ঢকুৱাখনা। সভ্য সমাজক লজ্জিত কৰা এই পাশবিক ঘটনাৰ স্থান হৈছে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাজ জালভাৰী গাঁও।গাঁওখনৰ এজন লম্পট বৃদ্ধৰ পাশবিক নিৰ্যাতনৰ বলি হ’ব লগা হৈছে এগৰাকী ৯ বছৰীয়া কিশোৰী।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ৬১ বছৰীয়া লম্পটৰ কামানাৰ বলি ৯ বছৰীয়া কিশোৰী

ডিজিটেল সংবাদ ঢকুৱাখনা: এক অমানৱীয় নিৰ্লজ্জ ঘটনাই জোকাৰি গৈছে ঢকুৱাখনা। সভ্য সমাজক লজ্জিত কৰা এই পাশবিক ঘটনাৰ স্থান হৈছে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাজ জালভাৰী গাঁও।

Advertisment

গাঁওখনৰ এজন লম্পট বৃদ্ধৰ পাশবিক নিৰ্যাতনৰ বলি হ’ব লগা হৈছে এগৰাকী ৯ বছৰীয়া কিশোৰী। ঘটনাৰ বিবৰণী অনুসৰি ৮ ডিচেম্বৰৰ দেওবাৰে নিশা গাঁওখনৰ থুলন কোচ(৬১) নামৰ পাশণ্ড বৃদ্ধজনে ঘৰৰ সমীপৰ এগৰাকী ৯ বছৰীয়া কিশোৰীক নিশা ঘৰত থাকিবলৈ ফুচুলাই নিয়ে।

চুবুৰীয়া ঘৰুৱা বৃদ্ধগৰাকীৰ আহ্বান মতে বিশ্বাসৰ ভিত্তিত কিশোৰীগৰাকী থাকিবলৈ যোৱাৰ পাছতে নিশা আৰম্ভ হয় অব্যক্ত শাৰীৰিক যৌন নিৰ্যাতন। নাবালিকাগৰাকীৰ বাৰম্বাৰ ওজৰ-আপত্তিৰ পাছতো বৃদ্ধই ভয়-ভাবুকি দেখুৱাই অকল্পনীয় যৌন নিৰ্যাতন চলাই।

পৰৱৰ্তী সময়ত এই সমস্ত কুকাৰ্য সন্দৰ্ভত অভিভাৱকক অৱগত কৰে নাবালিকাগৰাকীযে। পাছত গাঁওখনৰ গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ মাজত এই সন্দৰ্ভত হোৱা আলোচনাৰ পাছত লম্পট বৃদ্ধটোৰ এনে অপকৰ্ম সন্দৰ্ভত শুকুৰবাৰে ঢকুৱাখনা সদৰ থানাত অৱগত কৰে।

সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত হাজৰিকাই ঘটনাৰ প্ৰাথমিক তদন্ত কৰাৰ পাছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে।

নিৰ্যাতিতা নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা শনিবাৰে সম্পন্ন কৰিব আৰক্ষীয়ে। উল্লেখযোগ্য যে, পূৰ্বেও এইজন লম্পটৰ বিৰুদ্ধে মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ গোচৰ পঞ্জীয়ন হৈছিল আৰু ন্যায়িক জিম্মালৈ নিক্ষেপিত হৈছিল।

স্থানীয় ৰাইজে এই বৃদ্ধগৰাকীক সামাজিক ব্যাধি আখ্যা দি তেওঁৰ ওপৰত কঠোৰ আইনগত শাস্তি বিহাৰ দাবী জনাইছে।

ঢকুৱাখনা যৌন নিৰ্যাতন