/asomiyapratidin/media/media_files/2025/03/07/0tGG2WGm3HuPFDbSuZN3.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ পৰিপন্থী স্থিতি গ্ৰহণ কৰি দলৰ পৰা নিলম্বিত হ'ব লগা হ'ল ঢকুৱাখনা যুৱ কংগ্ৰেছৰ ৭ নেতা । যোৱা ৬ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা বিষয়ববীয়া সকল হ'ল ক্ৰমে ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ উপ-সভাপতি নব কুমাৰ দাস, প্ৰশাসনিক সাধাৰণ সম্পাদক পৰাগ দাস , সাংগঠনিক সম্পাদক চানী পেগু, মাতমৰা মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি ভৰত বৰা, শিঙিয়া মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি কেশৱ বৰপাত্ৰ, টাউন মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ বৰা আৰু ৰঞ্জিত দাস।
উল্লেখযোগ্য যে, যোৱা ১৮ জানুৱাৰীত এইসকল যুৱ কংগ্ৰেছৰ নেতৃত্বই দলীয় নীতি আদৰ্শ পদপিষ্ট কৰি দলৰ আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি দলৰ অনুশাসন ভংগ কৰিছিল। এই সন্দৰ্ভত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অৱগত হোৱাত যোৱা ৬ মাৰ্চত জাৰি হোৱা এ পি ৱাই চি /২০২৫/০২/ ০৭ নম্বৰৰ এক নিৰ্দেশনা যোগে এই ৭ গৰাকী নেতৃত্বক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দি নিলম্বন কৰিছে।
তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক পূর্বাশ্ৰী গগৈৰ স্বাক্ষৰিত এক নিৰ্দেশনাত এই কথা জনোৱা হৈছে সংশ্লিষ্ট যুৱ কংগ্ৰেছী সকলক। স্মৰ্তব্য যে এইসকল যুৱ কংগ্ৰেছীযে ঢকুৱাখনাত এক সংবাদ মেল অনুষ্ঠিত কৰি দলীয় নেতৃত্বৰ বিৰুদ্ধে সবল অসন্তুষ্টি আৰু সকীয়নী মূলক বক্তব্যৰে সোচ্চাৰ হৈ উঠিছিল ।
ডাংধৰা মণ্ডল যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জাইল সিং দলেৰ বিৰুদ্ধে দলীয় কৰ্মীক শাৰীৰিক ভাবে আক্ৰমণৰ আৰু ভয় ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছিল সংবাদমেলত। ইয়াৰ পাছতে ৰাজ্যিক সমিতিয়ে এইসকল যুৱ কংগ্ৰেছীক অনুশাসন ভংগৰ অভিযোগত নিলম্বন কৰে।