ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য জোকাৰি যোৱা এটা নিৰ্মম হত্যাকাণ্ড। ঢকুৱাখনাৰ এগৰাকী মেধাবী ছাত্ৰী নন্দিতা শইকীয়াৰ জঘন্য হত্যাকাণ্ডই অতিক্ৰম কৰিলে তিনিটা বছৰ। যোৱা ২০২১ চনতে সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড । ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী, ঢকুৱাখনা নগৰৰ কাঠৰবাৰী গাঁও নিবাসী নন্দিতা শইকীয়া আৰু দুজনক মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই খেদি খেদি নৃশংসভাৱে হত্যা কৰিছিল ধেমাজিৰ মাজমজিয়াত। গুৰুতৰভাৱে আহত হৈছিল বান্ধৱী সহ এজন।
২০২১ চনৰ ২২আগষ্টত সংঘটিত হোৱা আৰু ২৫আগষ্টৰ নিশা মৃত্যু হোৱা এই লোমহৰ্ষক নন্দিতা হত্যাকাণ্ডৰ ঘাটক ৰিন্টু শৰ্মাক ৰক্তাক্ত অৱস্থাত ৰাইজ আৰক্ষীয়ে খেদি বাঁহনীৰ মাজত চোকা দা সহ গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া গোচৰ ধেমাজিৰ আদালতৰ মজিয়াত। আদালতৰ বিচাৰৰ নামত এনেদৰে প্ৰায় তিনিটা বছৰ উককিল । কিন্তু এই ৩ বছৰে নন্দিতাৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে ন্যায় নাপালে। ন্যায়ৰ অপেক্ষাত ক্ষণ গণি গণি এতিয়া ভাগৰুৱা নন্দিতাৰ পিতৃ মাতৃ, পৰিয়াল পৰিজন ।
মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি ঘৰমুৱা হৈ থকা অৱস্থাত মহাবিদ্যালয়ৰ পৰাই অনুসৰণ কৰি ঘাটক জিন্টু শৰ্মাই নন্দিতাৰ এগৰাকী বান্ধবী সহ তেওঁৰ পিতৃকো আক্ৰমণ কৰা গোচৰৰ তদন্তকাৰী বিষয়াই তদন্তৰ খতিয়ান আদালতত দাখিল কৰিছিল যথা সময়ত । এগৰাকী মেধাবী ছাত্ৰীক প্ৰাণ কাঢ়ি নিয়া অমানৱীয় হত্যাকাণ্ডৰ অভিযুক্ত, হত্যাকাৰী ৰিন্টু শৰ্মাক ফাঁচি অথবা যাবজীৱন কাৰদণ্ডৰ বিহাৰ দাবীত ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে ৰাজপথ উত্তাল কৰিছিল ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি।
ফলশ্ৰুতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গোচৰ "ফাষ্টট্ৰেক আদালত"ত চলাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ ৰাজহুৱা ঘোষণা কৰিছিল। কিন্তু আজি তিনিটা বছৰে ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিতহৈ থাকিব লগা হৈছে নন্দিতাৰ দুৰ্ভগীয়া পিতৃ মাতৃ । "ফাষ্টট্ৰেক" বিচাৰ গৈ "শ্লোট্ৰেক "ৰ বিচাৰ হোৱাৰ আশংকা কৰিবলৈ বাধ্য হৈছে অসহায় পিতৃ মাতৃ আৰু পৰিয়াল।
সুদীর্ঘ তিনি বছৰ জোৰা ন্যায় প্ৰাপ্তিৰ যুজঁখনৰ শামুকীয়া গতি দেখি ন্যায় বঞ্চিত পিতৃ মাতৃৰ আহ্বান ৰাজ্যৰ সকলো দল সংগঠনলৈ। নন্দিতাৰ বিদেহ আত্মাৰ সদগতি পাবলৈ ঘাটকটোক দৃষ্টান্তমূলক শাস্তি পোৱাৰ দাবীৰে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰক । বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰ কৰাৰ সপক্ষে মাত মাতক। "ফাষ্টট্ৰেক" আদালতৰ বিচাৰৰ যদি গতি এনে হয় তেন্তে সাধাৰণ ৰাইজৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা বিশ্বাস কেনেকৈ থাকিব ?
কত গল মুখ্যমন্ত্ৰী , অবিভাৱক মন্ত্ৰী , মন্ত্ৰী বিধায়ক ,সাংসদে দি যোৱা প্ৰতিশ্ৰুতিৰ ফলাফল ? এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হয় ন্যায়কামী দুৰ্ভগীয়া জনতা ? সমাজৰ কলংক আৰু ব্যাধি স্বৰূপ হত্যাকাৰী ধৰ্ষণকাৰী নৰপিশাচ বোৰ কিয় বাৰে বাৰে মুকলি আকাশৰ তলত ঘূৰিবলৈ সুযোগ সুবিধা পাই ? কিয় ন্যায় বিচাৰৰ পৰা বঞ্চিত হৈ আহিছে নন্দিতাৰ পিতৃ মাতৃৰ দৰে বহু অসহায় লোকে? এনেদৰে হ'লে আইনৰ ওপৰত জনতাৰ আস্থা বিশ্বাস বৰ্তি থাকিবগৈ নে ? এয়া এতিয়া এক উত্তৰবিহীন প্ৰশ্ন ন্যায়কামী জনতাৰ বাবে ।
ইপিনে বিশেষ সূত্ৰে জনা মতে এই পাশবিক ,জঘন্য আৰু বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী মুঠ ৪২ গৰাকী ব্যক্তিৰ সাক্ষী আদালতে গ্ৰহন কৰি লিপিবদ্ধ কৰিছে। ইয়াৰোপৰি নন্দিতাৰ চিকিৎসা সেৱাত নিয়োজিত সকলো চিকিৎসক , নন্দিতাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকৰ ভাষ্য আদালতে ইতিমধ্যে গ্ৰহণ কৰিলে। হত্যাকাণ্ডৰ কালত উদ্ধাৰ হোৱা আৰু জব্দ হোৱা বিভিন্ন প্ৰামানিক তথ্যৰ ফৰেনঞ্চিক প্ৰতিবেদন সংগ্ৰহ কৰি এইসকল গুৰুত্বপূৰ্ণ ব্যক্তিৰ সাক্ষ্য আৰু প্ৰত্যক্ষদর্শীৰ সাক্ষ্য গ্ৰহণ কৰাৰ পৰ্ব সম্পন্ন কৰোতে কিছু বিলম্ব হৈছে যদিও গোচৰৰ গতি অব্যাহত আছে । ধাৰণা কৰা হৈছে এই বছৰৰ শেষৰ ফালে নন্দিতা শইকীয়াৰ লোমহৰ্ষক হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা কৰা হৈছে।
উল্লেখ্য যে ঘৰৰ সন্মুখত এখন ক্ষুদ্ৰ দোকান দি স্বাৱলম্বিতাৰ সংগ্ৰাম কৰি গৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে মৰিধল মহাবিদ্যালয়ত নামভৰ্তি কৰা নন্দিতাৰ মৃত্যুৰ পাছত নন্দিতাৰ ঘৰত উপস্থিত হৈছিল লখিমপুৰ জিলাৰ তদানীন্তন অভিভাৱক মন্ত্ৰী সঞ্জয় কৃশান । তদানীন্তন শ্ৰম মন্ত্রী গৰাকীয়ে নন্দিতাৰ নিকট আত্মীয়ক এটা চৰকাৰী চাকৰিত মকৰল কৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নিশ্চয়তা প্ৰদান কৰা বুলি ঘোষণা কৰি গৈছিল। বিধায়ক নৱ দলেয়েও মৃতকৰ ঘৰত উপস্থিত হৈ চৰকাৰী সুবিধা উপলব্ধ কৰি দিয়াৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি অশ্বডিম্ব হল।
প্ৰণিধানযোগ্য যে হত্যাকাণ্ড সংঘটিত কৰি কোনো কাৰণতে অনুসূচনাত নোভোগা, অনুতপ্ত নোহোৱা ঘাটক ৰিন্টু শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ দিনৰে পৰা ধেমাজি ন্যায়িক জিম্মাত আছে ।
মেধাবী ছাত্ৰী নন্দিতা শইকীয়াৰ সশ্ৰদ্ধ স্মৰণত দেওবাৰে সন্ধিয়া মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপেন শইকীয়াই শিক্ষক শিক্ষাৰ্থী ,কৰ্মচাৰীসকলৰ সহযোগিতাত সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। মহাবিদ্যালয় প্ৰাঙ্গনত নন্দিতাৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰি ধূপ বন্তি জ্বলাই মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ ঐক্যবদ্ধ দাবী উত্থাপন কৰা হ'ব উক্ত অনুষ্ঠানত ।