ঢকুৱাখনা উন্নয়ন খণ্ডত কাম নকৰাকৈ এম জি এন ৰেগা আঁচনিৰ ১৯ লাখ উদৰস্থ

চৰকাৰী আঁচনি মাত্ৰেই খিৰতী গাই গণ্য কৰা এক অশুভ পৰম্পৰাই ভয়াবহ ৰূপত গা কৰি উঠিছে ঢকুৱাখনাত। কি পৌৰসভা কি গ্ৰামোন্নয়ন বিভাগ- সকলো চৰকাৰী বিভাগত এতিয়া উন্নয়নমূলক আঁচনিৰ বিপৰীতে আবন্তিত পুঁজি শৰাধ কৰাৰ মুকলি প্ৰতিযোগিতা চলিছে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা উন্নয়ন খণ্ডত কাম নকৰাকৈ এম জি এন ৰেগা আঁচনিৰ ১৯ লাখ উদৰস্থ

ডিজিটেল সংবাদ ঢকুৱাখনা: চৰকাৰী আঁচনি মাত্ৰেই খিৰতী গাই গণ্য কৰা এক অশুভ পৰম্পৰাই ভয়াবহ ৰূপত গা কৰি উঠিছে ঢকুৱাখনাত। কি পৌৰসভা কি গ্ৰামোন্নয়ন বিভাগ- সকলো চৰকাৰী বিভাগত এতিয়া উন্নয়নমূলক আঁচনিৰ বিপৰীতে আবন্তিত পুঁজি শৰাধ কৰাৰ মুকলি প্ৰতিযোগিতা চলিছে।

Advertisment

লুটিবলৈকে ঢকুৱাখনাত খুঁটি পুতি বহা এচাম অৰ্থলোভী বিষয়া, কৰ্মচাৰীৰ সহযোগিতাত একাংশ থলুৱা অবিবেচকী ব্যক্তিয়ে এতিয়া মুকলি লুটপাত আৰম্ভ কৰিছে। শেহতীয়া ভাবে এনে নিৰ্বিচাৰ লুণ্ঠনৰ ভূ-স্বৰ্গ হৈ পৰিছে ঢকুৱাখনা উন্নয়ন খণ্ড।

খণ্ডটোৰ অন্তৰ্গত পূব ঢকুৱাখনা পঞ্চায়তৰ  "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আইন"ৰ এটা গ্ৰাম্য কৃষি বান্ধ নিৰ্মাণৰ বেলিকা ভয়ংকৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ এক ভয়ানক কেলেংকাৰী পোহৰলৈ আহিছে। পঞ্চায়তখনৰ গ্ৰামীণ চহা ৰাইজৰ উপকাৰৰ অৰ্থে গ্ৰামোন্নয়ন বিভাগে গৰৈমাৰী তিনিআলিৰ পৰা জীয়ামৰিয়া পাৰ ঘাট সংযোগী এটা কৃষি বান্ধ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰি  ২০২৩-২০২৪ বৰ্ষত আবন্টন দিছিল প্ৰায় ১৯ লাখ ৫৪ হাজাৰ টকা ।

এম জি এন ৰেগা আঁচনিৰ জৰিয়তে আবন্টন দিয়া উক্ত বিশাল পুঁজিৰে কৃষি বান্ধটো নিৰ্মাণৰ আগভাগ লৈছিল অঞ্চলটোৰ কেইজনমান যুৱকে। গৰৈমাৰীজীয়ামৰিয়া, কপহুৱা, কমাৰগাঁও আদি বিভিন্ন গাঁওৰ কৃষিজীৱী ৰাইজৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ এই কৃষি বান্ধটোৰ নিৰ্মাণৰ নামত এক্সেভেটৰ লগাই পথটোৰ খলা বমা অংশ চুচি সমান কৰি পৰৱৰ্তী সময়ত কিছু কিছু অংশত ট্ৰেক্টৰৰ জৰিয়তে সমীপৰ পৰা মাটি নাম মাত্ৰ সিঁচি কাম সম্পন্ন কৰিলে নিয়োজিত তথাকথিত ঠিকাদাৰে।

সমগ্ৰ পথটোৰ নিৰ্মাণলৈ পিঠি দি কেৱল এক দুই স্থানত মাটি পেলাই আঁচনিখনৰ সমূদায় পুঁজি সৰকাই নিলে ধুৰন্ধৰ চক্ৰটোৱে। "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত সমগ্ৰ পথটোক কৃষি বান্ধলৈ ৰূপান্তৰ কৰি নিৰ্মাণৰ নূন্যতম চিহ্ন প্ৰত্যক্ষ কৰা নগল।

এই কৃষি পথেৰে অহা যোৱা কৰা সকলো চহাই একেমুখে পথটোৰ নিৰ্মাণৰ বেলিকা চূড়ান্ত প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি চৰকাৰী পুঁজি সমুলঞ্চে অপচয় কৰাৰ ৰাজহুৱা অভিযোগো মুকলিকৈ উত্থাপন কৰিলে। এই সন্দৰ্ভত সংগৃহীত বিভাগীয় তথ্য মতে ইতিমধ্যে আঁচনিখনৰ বিপৰীতে গ্ৰামোন্নয়ন বিভাগৰ পৰা প্ৰায় ১৯ লাখ ২৭ হাজাৰ টকা উলিয়াই নিছে জবকাৰ্ডৰ জৰিয়তে।

নূন্যতম কাম নকৰাকৈ, কামৰ কোনো বাস্তৱিক প্ৰমাণ নথকাকৈ, পূৰ্বৰ দৰেই পথৰ জৰাজীৰ্ণতা আৰু দুৰৱস্থা উপলব্ধ হোৱাৰ স্বত্তেও গ্ৰামোন্নয়ন বিভাগৰ পৰা বৃহৎ ধন ৰাশি কিদৰে উলিয়াই নিবলৈ সক্ষম হ'ল সেয়া ৰহস্যৰ বিষয় হৈ ধৰা দিছে । উপলব্ধ তথ্য মতে আঁচনিখনৰ সৈতে জড়িত এটা চৰকাৰী দায়িত্বশীল পক্ষৰ লগত গোপন বুজাবুজি কৰি লুণ্ঠনকাৰী চক্ৰটোৱে কাম নকৰাকৈ বৃহৎ পুঁজি উদৰস্থ কৰিবলৈ সক্ষম হ'ল ।

ৰাজহুৱা অভিযোগ মতে আঁচনিৰ সতে জড়িত গ্ৰামীণ ৰোজাগাৰ সহায়ক, পঞ্চায়ত সচিব, বিভাগীয় অভিযন্তা, গাণনিকৰ এটা বৃহৎ চক্ৰৰ জৰিয়তে এই ১৯ লক্ষাধিক পুঁজি উদৰস্থ কৰিবলৈ সক্ষম হল মুনাফালুভী স্বয়ম্ভূ ঠিকাদাৰ। কামৰ কোনো অস্তিত্ব নোহোৱা স্বত্তেও কিদৰে জি আৰ এচে জবকাৰ্ডৰ ডিমাণ্ড দিলে, জবকাৰ্ডৰ বিপৰীতে বিল বনালে, কাম নকৰাকৈ কিদৰে নিয়োজিত অভিযন্তাই এম বি প্ৰস্তুত কৰি পুঁজি আবন্টনৰ পথ প্ৰশস্ত কৰিলে, বিভাগীয় গাণনিকগৰাকীয়ে কিয় এনে ভুৱা বিলত অনুমোদন জনালে সেয়া ৰাইজৰ মাজত বহুমূলীয়া প্ৰশ্ন হৈ ধৰা দিছে ।

তাৰোপৰি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে এনে ভুৱা আৰু কাম নকৰাকৈ প্ৰস্তুত কৰা বিলত কিয় এফ টি অ' মাৰি পুঁজি উলিয়াই নিয়াত পূৰ্ণ সহযোগিতা কৰিলে তাকলৈও স্তম্ভিত উন্নয়নকামী গঞা । ইতিমধ্যে বিভাগৰ পৰা সকলো পুঁজি উলিয়াই নিয়াৰ পাছত আঁচনিখন সম্পূৰ্ন হোৱাৰ তথ্য সন্নিবিষ্ট কৰা হৈছে ।

এনেদৰে প্ৰায় ১৯ লক্ষাধিক টকা বিভাগৰ পৰা সৰকাই নিযাৰ পাছতো কামৰ কোনো অস্তিত্ব নথকা, গ্ৰামোন্নয়ন বিভাগৰ এচাম কাণ্ডজ্ঞানহীন বিষয়া কৰ্মচাৰীৰ অৰ্থলোভী চৰিত্ৰৰ বাবে চৰকাৰী পুঁজি মুকলি শৰাধ হোৱা বিষয়টো স্পষ্ট হোৱাৰ পাছত লখিমপুৰ জিলাৰ নব নিযুক্ত জিলা আয়ুক্ত প্ৰনবজিত কাকতিয়ে কি বিধিগত পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

ৰাইজৰ দাবী চৰকাৰী পুঁজি আৰু উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত ভয়াবহ বিত্তীয় কেলেংকাৰী সৃষ্টি কৰা বিভাগীয় বিষয়া, কৰ্মচাৰী আৰু স্বয়ম্ভূ ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত হওক। অৰ্থলোভী দালালসকলক চিনাক্ত কৰি শাস্তি বিহক।

স্মৰ্তব্য যে, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা এই ভয়ানক বিত্তীয় কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰামানিক তথ্য সহ অভিযোগ প্ৰেৰণৰ লগতে এক গোচৰ পঞ্জীয়ন কৰাৰ প্ৰস্তুতি অব্যাহত আছে। কোন কোন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কাৰ কাৰ জবকাৰ্ডৰ ব্যৱহাৰ কৰি বিশাল পুঁজি উদৰস্থ কৰিলে তাৰ তথ্য উপলব্ধ হৈছে আৰু পৰৱৰ্তী বাতৰিত  এই লুণ্ঠনকাৰীসকলৰ গোগ্ৰাসী চৰিত্ৰ উন্মোচন কৰা হ'ব ।

ঢকুৱাখনা দুৰ্নীতি