লখিমপুৰৰ ১৭ শিক্ষাগুৰুলৈ কৃতি শিক্ষকৰ বঁটা

লখিমপুৰৰ ১৭ শিক্ষাগুৰুলৈ কৃতি শিক্ষকৰ বঁটা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলাৰ মুঠ ১৭ গৰাকী শিক্ষাগুৰুক ২০২৩ বর্ষৰ বাবে জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। লখিমপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ জৰিয়তে নিৰ্বাচিত কৰা এই কৃতিমান শিক্ষা গুৰুসকলৰ নাম তালিকা সোমবাৰে শিক্ষা বিভাগে প্ৰকাশ কৰিছে।

জিলা ভিত্তিত কৃতিমান শিক্ষকৰ সম্মানেৰে বিভূষিত জিলাখনৰ মুঠ  ১৭ খন  বিদ্যালয়ৰ ১৭ গৰাকী শিক্ষক সকল হ'ল ক্ৰমে ৮০ নং ঘাৰমৰা  প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ কান্তি দত্ত ,  ফেনখাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুচেনা বেগম, নৰ্থ লখিমপুৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজু দত্ত, বিহদিয়া মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপম সোণোৱাল, ৰূপহী ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰ হাজৰিকা, কাৰী পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ চাংমাই, নাৰায়নপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ইভা দত্ত, চুকুলিভৰিয়া এম ভি স্কুলৰ সহকাৰী শিক্ষক আফাজুৰ ৰহমান, শলাল টেলাহী কমলাবৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰতি তামুলী ফুকন, টাউন হাই মাদ্ৰাছাৰ সহকাৰী শিক্ষক লাবন্য ফুকন, উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্য ৰঞ্জন বৰা, পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু মনি শইকীয়া, উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰুন্ধতী বৰা, পতিয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমেন কলিতা, টাৰীয়নী বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰ আৰু পানী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভৃগু প্ৰসাদ শৰ্মা ।

জিলাখনৰ এই কেইগৰাকী কৃতিমান শিক্ষা গুৰুক ৬২ সংখ্যক শিক্ষক দিৱসৰ সতে সংগতি ৰাখি  জিলা ভিত্তিত সন্মানিত কৰা হ'ব।এই সন্দৰ্ভত অহা ৫ ছেপ্টেম্বৰত লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্য্যালয়ৰ প্ৰেক্ষ্যগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা ভিত্তিক বঁটাৰে বিভূষিত কৰা হ'ব।

উল্লেখযোগ্য যে, এইবাৰ ঢকুৱাখনা মহকুমাৰ ২ গৰাকী শিক্ষাগুৰুৱে জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া আৰু সম্পাদক সুনীল দত্তই ঢকুৱাখনা মহকুমাৰ ২ গৰাকী কৃতিমান শিক্ষক ক্ৰমে হেমেন কলিতা , দুলু মনি শইকীয়ালৈ অভিনন্দন জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in