ঢকুৱাখনা বালি চাপৰি গাঁৱত বজ্ৰপাতত মৃত্যু ১৭ টাকৈ গৰু

ঢকুৱাখনা বালি চাপৰি গাঁৱত বজ্ৰপাতত মৃত্যু ১৭ টাকৈ গৰু

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা বালি চাপৰি গাঁৱত বজ্ৰপাতত মৃত্যু ১৭ টাকৈ গৰু

ডিজিটেল ডেস্ক : ঢকুৱাখনা বালি চাপৰি গাঁৱত বজ্ৰপাতত মৃত্যু হৈছে ১৭ টাকৈ গৰু।ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি অঞ্চলৰ বালি চাপৰিৰত সংঘটিত হোৱা এই কৰুণ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ দিনা এই বজ্ৰপাতৰ ঘটনা সংঘটিত হয়। এনে বৃহৎ পৰিমাণৰ পশুধনৰ মৃত্যুত শোকত ভাগি পৰিছে পশুধনৰ গৰাকীসকল।

মৃত পশুধন কেইটাৰ মূল্য কেইবা লাখ টকা হ'ব। ভুক্তভোগী খেতিয়কসকলে চৰকাৰক উপযুক্ত ক্ষতিপূৰণৰো দাবী জনাইছে।

dhakuakhana