কথা, কবিতা, নৃত্য, গীতৰ সুৰেৰে জীপাল সোমদিৰিৰ পাৰ

দেওবাৰে নৱবর্ষৰ প্ৰথম দিনটোত, লখিমপুৰ নগৰৰ সোমদিৰি জানৰ ষঠ পূজাৰ ঘাটত অনুষ্ঠিত হয় সুদিনৰ সংকল্প শীৰ্ষক গীত, নৃত্য, কথা, কবিতাৰ অনুপম অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
কথা, কবিতা, নৃত্য, গীতৰ সুৰেৰে জীপাল সোমদিৰিৰ পাৰ

ডিজিটেল সংবাদ, লখিমপুৰ: দেওবাৰে নৱবর্ষৰ প্ৰথম দিনটোত, লখিমপুৰ নগৰৰ সোমদিৰি জানৰ ষঠ পূজাৰ ঘাটত অনুষ্ঠিত হয় সুদিনৰ সংকল্প শীৰ্ষক গীত, নৃত্য, কথা, কবিতাৰ অনুপম অনুষ্ঠান।প্ৰতি বছৰৰ দৰে এইবাৰো কাব্য চৰ্চাৰ অনুষ্ঠান শব্দ আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হয়।

তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ সপ্তদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট লেখক তথা বিহু বিশেষজ্ঞ ডাঃ অমৰেন্দ্ৰ গগৈ আৰু চিন্তাশীল লেখক, শিক্ষাবিদ ভৰত ৰাজখোৱাক প্ৰদান কৰা হয় "শব্দ চৰৈৱতি সৌৰভ" বঁটা। আনহাতে সাংবাদিক বুবুল হাজৰিকাই মূল্যবৃদ্ধিক আলোকপাত কৰি লিখা কবিতা “অসুখ ” Dy365 ৰ কাৰ্যবাহী সম্পাদক ড° কুমুদ দাসৰ আবৃত্তিৰে ,প্ৰত্যুষ ৰাজবংশীৰ সম্পাদনাৰে বাণীৱদ্ধ ৰূপত মুকলি কৰে লখিমপুৰ সমাজ সাহিত্য ক্ষেত্ৰৰ ছয় জন বিশিষ্ট ব্যক্তি ক্ৰমে পৰেশ বৰা ,ইন্দ্ৰমণি ৰাজকুমাৰ ,দীলিপ গগৈ ,খগেন ভূঞা , ভৰত ৰাজখোৱা আৰু ডা° অমৰেন্দ্ৰ গগৈয়ে ৷

সাংবাদিক গৰাকীৰ আন এটি কবিতা “ জানকী ” সাংবাদিক হেমন্ত বেজৰ আবৃত্তিৰে উন্মোচন কৰে কবি জয়চন্দ্ৰ হাজৰিকাই ৷ অনুষ্ঠানটিত ভোৰতাল নৃত্য পৰিৱেশন কৰে লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাৰ পৰিচালানাত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ৷

বন্তী লেখাৰুৰ বৰগীত পৰিৱেশনৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলাখনৰ বহুকেইগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমাজ সংগঠক, কবি, শিল্পীয়ে অংশগ্ৰহণ কৰি অনুভৱ ব্যক্ত কৰাৰ লগতে বিভিন্ন জনে গীত, মাত, কথা, কবিতা, নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত নলবাৰী ,বৰপেটাৰ ভালে কেইজন কবিৰ লগতে ধেমাজি ,ঢকুৱাখনা আৰু শিৱসাগৰৰ আদিৰ শতাধিক কবিয়ে কবিতা পাঠ কৰে ৷

চৰৈৱতি আলোচনীৰ সম্পাদক কল্যাণী চক্ৰৱৰ্তী গগৈ আৰু শব্দৰ সম্পাদক বুবুল হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানটোতে "বনত লাগিল জুই" শীৰ্ষক তপন কুমাৰ ভূঞাৰ এখন গল্প সংকলনো উন্মোচন কৰা হয়।

আৰু পঢ়ক: বছৰৰ প্ৰথম দিনটোতেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৃষ্ণই...

assam