জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠন সন্দৰ্ভত বক্তৃতানুষ্ঠান...

শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ কেনেকৈ গঠন হয় এই বিষয়ৰ ওপৰত লখিমপুৰৰ তেলাহী কমলাবৰীয়া জ্যেষ্ঠ নাগৰিক সন্থাই বিগত কিছুদিন ধৰি বিদ্যালয় মহাবিদ্যালয় সমূহত এক মননশীল বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছে ৷

author-image
Asomiya Pratidin
New Update
জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠন সন্দৰ্ভত বক্তৃতানুষ্ঠান...

প্ৰতিদিন সেৱা, লখিমপুৰ : সাম্প্ৰতিক সময়ত দ্ৰুত হাৰত মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে ৷ যুৱ উশৃঙ্খলতাই দেশৰ সামাজিক স্বাস্থ্য অটুত ৰখাত হেঙাৰ সৃষ্টি কৰিছে ৷ শিক্ষাৰ্থীৰ নৈতিকতাৰ শিক্ষাৰ অভাৱো এক প্ৰকাৰে বিকাৰগ্ৰস্ত সমাজৰ উপাদান ৷

এনেবোৰ দিশৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ কেনেকৈ গঠন হয় এই বিষয়ৰ ওপৰত লখিমপুৰৰ তেলাহী কমলাবৰীয়া জ্যেষ্ঠ নাগৰিক সন্থাই বিগত কিছুদিন ধৰি বিদ্যালয় মহাবিদ্যালয় সমূহত এক মননশীল বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছে ৷

শনিবাৰে পানীগাঁৱৰ ওমপ্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ত উক্ত বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷ তেলাহী কমলাবৰীয়া জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি নীল চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানত মহাবিদ্যালয় খনৰ শিক্ষক শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰছাত্ৰী সকল উপস্থিত থাকে ৷

মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰেশ দত্তই আদৰণি ভাষণত শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠন বিষয়টোৰ গুৰুত্ব ব্যাখ্যা কৰে ৷ বক্তৃতা অনুষ্ঠানৰ উদ্বোধন কৰি এল টি কে মহাবিদ্যালয়ৰ অধ্যক্ষ বুবুল শইকীয়াই ভাষণ প্ৰসংগত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তাক বিশদ ভাৱে আলোকপাত কৰে ৷

সমল ব্যক্তি হিচাবে উপস্থিত থাকি লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শিক্ষাতত্ব আৰু মনোবিজ্ঞান বিষয়ৰ অধ্যাপিকা ড° মৃণালী গোস্বামী পূজাৰীয়ে নৈতিক চৰিত্ৰ কেনেকৈ গঠন হয় শিশুৰ পৰা কৈশোৰ যুব অৱস্থালৈ তাৰ বিজ্ঞানভিৰ্তিত তথ্য সম্বলিত বক্তব্য আগবঢ়ায় ৷

নীতিশিক্ষা, চৰিত্ৰ পাঠ, নীতি জ্ঞান, আধ্যাত্মিকতা, ধৰ্মীয় অনুভূতি আৰু উপলব্ধি আদিবোৰ শিক্ষাৰ্থীৰ নৈতিক চৰিত্ৰ গঠনৰ উপাদেয় বুলি অভিহিত কৰে অধ্যাপিকা গৰাকীয়ে ৷

হেমধৰ দত্ত, কণনাথ ফুকন, ইন্দ্ৰেশ্বৰ নাথ আদি বিশিষ্ট জ্যেষ্ঠ নাগৰিক উপস্থিত থকা বক্তৃতানুষ্ঠানটোৰ সামৰণি পৰে পাঁচবছৰীয়া কণমানি শ্ৰেয়ম বৰাৰ পিয়াণুত বাজি উঠা ৰাষ্ট্ৰীয় সংগীতেৰে ৷

assam lakhimpur