/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/dhakuakhana.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : চৰকাৰী শিক্ষা ব্যৱস্থাৰ গুণগত মান নিৰ্ধাৰণৰ উদ্দেশ্যেৰে বুধবাৰৰ পৰা লখিমপুৰ জিলাত আৰম্ভ হৈছে গুণোৎসৱ । জিলাখনৰ ঢকুৱাখনা মহকুমাৰ বৰদলনি (ঘিলামৰা) আৰু ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন পৰ্য্যায়ৰ চৰকাৰী শিক্ষানুষ্ঠানত বুধবাৰৰ পৰা আৰম্ভ হোৱা এই গুণোৎসৱৰ প্ৰথম দিনাই এক ব্যতিক্ৰমী পৰিবেশ দেখা গ'ল কিছু সংখ্যক চৰকাৰী খণ্ডৰ বিদ্যালয়ত।
প্ৰধানকৈ ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত বাপুজি প্ৰাথমিক বিদ্যালয়ত সংবাদ মাধ্যমৰ পৰিদর্শন কালত দেখা নগ'ল এগৰাকীও শিক্ষাৰ্থীক। শিক্ষা বিভাগৰ নিৰ্দেশনা মানি বিদ্যালয়খনৰ একমাত্ৰ শিক্ষয়িত্ৰী সন্তুশ্রী বৰা নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত হল যদিও দুপৰীয়া ১ বজা পৰ্যন্ত এগৰাকীও শিক্ষাৰ্থী নাহিল এইখন চৰকাৰী বিদ্যালয়লৈ।
পৰিণতিত শিক্ষা বিভাগে বিদ্যালয়লৈ প্ৰেৰণ কৰা অ এম আৰ চিট সমূহ শিক্ষকৰ টেবুলতে দিনটো উপেক্ষিত হৈ পৰি ৰল আৰু অনুষ্ঠিত কৰা নহল বিদ্যালয়ৰ স্বমূল্যায়ন পৰীক্ষা। বিভাগীয় শিক্ষা বিষয়াই নিৰ্দেশনা দিছিল যিহেতু কৰোনা কালীন সময়ৰ গুণোৎসৱৰ প্ৰস্তুতিৰে এই গুণোৎসৱ আৰম্ভ হৈছে ।সেয়ে বিদ্যাল এৰি যোৱা শিক্ষাৰ্থী সকলক গুণোৎসৱৰ সময়ত পুনৰ উভতাই আনি স্ব মূল্যায়নকে ধৰি অন্যান্য পৰীক্ষা অনুষ্ঠিত কৰিব লাগে ।
পৰৱৰ্ত্তী সময়ত নিজ নিজ বিদ্যালয়লৈ উভতি যাব পাৰিব শিক্ষাৰ্থী সকল। পিছে এইক্ষেত্ৰত এইগৰাকী শিক্ষয়িত্ৰীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ফলত বুধবাৰে তৃতীয় পৰ্য্যায়ত আৰম্ভ হোৱা এই গুণোৎসৱ বাস্তৱিকতে অসাৰ প্ৰতিপন্ন হল এইখন বিদ্যালয়ত। এনেদৰে খণ্ডটোৰ দদাবাৰী মধ্য ইংৰাজী বিদ্যালয়তো শিক্ষাৰ্থী অভাৱৰ বাবে অনুষ্ঠিত নহল গুণোৎসৱৰ প্ৰথম দিনৰ কৰ্মসূচী স্বমূল্যায়ন পৰীক্ষা ।
দুপৰীয়া পৰ্যন্ত এইখনো বিদ্যালয়ত উপস্থিত নহল এজনো শিক্ষাৰ্থী ।এনেদৰে বিভিন্ন ক্ৰুটিপূৰ্ণতাৰে ঢকুৱাখনাৰ শিক্ষা খণ্ডত আৰম্ভ হৈছে চৰকাৰী শিক্ষানুষ্ঠানৰ তথাকথিত শৈক্ষিক মূল্যায়নৰ সাৰ্বজনীন প্ৰয়াস । বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে এনেবোৰ বিদ্যালয়ৰ পৰা শিক্ষাৰ্থী সকল অন্য বিদ্যালয়লৈ গুচি যোৱাৰ বাবে বহুকেইখন চৰকাৰী বিদ্যালয়ত এনে জটিল সমস্যাৰ উদ্ভৱ হৈছে ।
আৰু পঢ়ক: জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অৱস্থান ধৰ্মঘট পালন …