/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/lakhimpurrr.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ : অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অসমৰ বঙালমৰাৰ পৰা দুজন ভুৱা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে এটা জাল নোট ছপা কৰা মেচিন। লগতে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ পাঁচশ টকীয়া জাল নোট।
ইটানগৰৰ আৰক্ষী অধীক্ষক জিমি চিৰামে জনোৱা মতে যোৱা ১৮ আগষ্টত ইটানগৰৰ নাহৰলগুনৰ মোহনা লিংফা নামৰ এগৰাকী মহিলাই তেওঁৰ পৰা দুজন যুৱকে প্ৰবঞ্চনা কৰি ২০ লাখ টকা হৰলুকি কৰে বুলি নাহৰলগুন থানাৰ এখন এজাহাৰ দিয়ে।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই অসমৰ লখিমপুৰ জিলাৰ বাঙালমৰাৰ পৰা ৰিজাৰ্ভ বেংকৰ বিষয়া বুলি চিনাকি দিয়া বিলাল হুছেইন ওৰফে ৰাকেশ দাসক গ্ৰেপ্তাৰ কৰে। অৰুণাচল প্ৰদেশত এমাহতে জমা কৰা ধন দুগুণ কৰাৰ প্ৰলোভন দি গ্ৰাহক বিচাৰি দি প্ৰৱঞ্চকৰ দলটোৰ হৈ কাম কৰা নাহৰলগুনৰ ৰিডো য়ালাম নামৰ ৪৫ বছৰীয়া এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
এই ঘটনাত জড়িত থকা ৰিজাৰ্ভ বেংকৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া বঙালমৰাৰ মাজাৰুল ইছলাম ওৰফে ৰতন দাস আৰু ৰছিদুল ইছলাম পলাতক অৱস্থাত আছে। ইটানগৰৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই প্ৰৱঞ্চকৰ দলটোৱে উত্তৰ পূৰ্বাঞ্চলৰ ২০ জনতকৈও অধিক লোকক এমাহতে ধন দুগুণ কৰাৰ প্ৰলোভন দি কোটি কোটি টকা সংগ্ৰহ কৰিছে।
তাৎপৰ্যপূৰ্ণ কথা এয়ে যে অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বহু প্ৰৱঞ্চনা আৰু ঘৃণনীয় অপৰাধত স'ততে বঙালমৰাৰ বহু অপৰাধী জড়িত হৈ থকাৰ পাছতো অসম আৰক্ষীৰ লগত এনকাউন্টাৰৰ ঘটনা সংঘটিত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।
অপৰাধীৰ ভূ স্বৰ্গলৈ পৰিণত হোৱা অসমৰ বঙালমৰাৰ পৰাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নকল সোণৰ বৃহৎ বজাৰ গঢ়ি উঠিছে। অৰুণাচল প্ৰদেশৰ পৰা আহি অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অসমৰ আৰক্ষীৰ নাকৰ তলতে বঙালপৰাত নকল ৫০০ টকীয়া নোট ছপা কৰি থকা মেচিন জব্দ কৰাৰ ঘটনাই এটা কথা প্ৰমাণ কৰিছে যে অসমত ইতিমধ্যেই লাখে লাখে নকল ৫০০ টকীয়া নোট ঘুৰি ফুৰিছে।
উল্লেখ্য যে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিলাল হুছেইন ওৰফে ৰাকেশ দাসৰ বেংক একাউণ্টৰ পৰা ১৯,৭৫,০০০ টকা উদ্ধাৰ হৈছে আৰু সেই একাইন্টটো আৰক্ষীৰ অনুৰোধত বেংকে জব্দ কৰিছে। কিছুদিনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ টাপিৰ গাৱৰ নিজ ভাতৃয়েও এনেদৰে গুৱাহাটীৰ পৰা টকা দুগুণ কৰিবলৈ গৈ পাঁচ লাখ টকা প্ৰৱঞ্চকৰ হাতত গতাই দি কোনোমতে প্ৰাণ বচাই উলটি আহিছিল।