লখিমপুৰ জিলাৰ অন্তৰ্গত থানা সমূহৰ মাজত ফুটবল প্ৰতিযোগিতা...

অসম আৰক্ষী দিৱস ২০২২ আৰু লখিমপুৰ জিলা দিৱস উপলক্ষত এই ফুটবল লীগ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
লখিমপুৰ জিলাৰ অন্তৰ্গত থানা সমূহৰ মাজত ফুটবল প্ৰতিযোগিতা...

lajhimpur football match

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম আৰক্ষী দিৱস ২০২২ আৰু লখিমপুৰ জিলা দিৱস উপলক্ষত লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনে অনুষ্ঠিত কৰি আহিছে জিলাখনৰ  অন্তৰ্গত থানা সমূহৰ মাজত ফুটবল প্ৰতিযোগিতা । 

Advertisment

শুকুৰবাৰে প্ৰথমটো গ্রুপৰ দ্বিতীয় দিনাৰ প্ৰথমখন লীগ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ঢকুৱাখনা থানা বনাম বগীনদী থানা দলৰ মাজত। গোগামুখৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত  প্ৰথমখন খেলৰ শুভ উদ্ধোধন কৰে লখিমপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওগে।

ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্য, ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধি, উপ পৰিদর্শক পৰেশ চাহু, জয়ন্ত কাকতি আদি  উপস্থিত থকা প্ৰতিযোগিতাত ঢকুৱাখনা আৰক্ষী থানা দল বনাম বগীনদী আৰক্ষী থানা দলৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত বগীনদী থানা দলে ঢকুৱাখনা থানা দলক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে।

ইপিনে কাৱৈমাৰী খেল পথাৰত গ্ৰুপ 'বি'ৰ প্ৰথমখন খেল বিহপুৰীয়া থানা আৰু লালুক থানাৰ মাজত অনুষ্ঠিত হয় । খেলখন ১-১ গ'লেৰে সমতা স্থাপন হয়।  প্ৰতিযোগিতাৰ  দ্বিতীয় দুখন খেল দুয়োটা গ্রুপত অনুষ্ঠিত পৰৱৰ্তী সময়ত অনুষ্ঠিত হয়।

assam Assam police dhakuakhana lamkhimpur