বেদখলমুক্ত ম’হঘুলীৰ ২০০ হেক্টৰ ভূমি,কাইলৈ পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ

কেতবোৰ লোকৰ বেদখলৰ ফলত অস্তিত্বৰ সংকটত পৰা লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত অৱশেষত চৰকাৰৰ উচ্ছেদ অভিযান চলিল৷
বেদখলমুক্ত ম’হঘুলীৰ ২০০ হেক্টৰ ভূমি,কাইলৈ পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ

ডিজিটেল সংবাদ,লখিমপুৰ: কেতবোৰ লোকৰ বেদখলৰ ফলত অস্তিত্বৰ সংকটত পৰা লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত অৱশেষত চৰকাৰৰ উচ্ছেদ অভিযান চলিল৷ প্ৰায় ছয় শতাধিক আৰক্ষীৰ সমৰ সদৃশ পৰিৱেশত লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত মঙলবাৰৰ পৰা ঐতিহ্যমণ্ডিত পাভ সংৰক্ষিত বনাঞ্চলৰ হৃত ভূমি উদ্ধাৰৰ অৰ্থত অবৈধ দখলদাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিছে ৷

লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন আৰু জিলা বন বিষয়া অশোক কুমাৰ দেৱ চৌধুৰীৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ উদ্যোগত চলিল এই উচ্ছেদ অভিযান ৷স্মৰ্তব্য যে ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক বেদখল মুক্ত কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু বন সংমণ্ডলৰ উদ্যোগত প্ৰথম পৰ্যায়ত ১০ আৰু ১১ জানুৱাৰীত এক উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৷

লখিমপুৰ সংমণ্ডলৰ সহ বন-সংৰক্ষকগৰাকীযে জানিবলৈ দিয়া অনুসৰি ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল ৪৬২৮.৮৭ হেক্টৰ। ইয়াৰে ২৯ হেক্টৰ ভূমিহে বৰ্তমান বৰ্তি আছে ৷ বনাঞ্চল খনত বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন, ২০০৬ ৰ অধীনত আৱেদন জনাইছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ আৱেদন অগ্ৰাহ্য কৰে। ফলত লোক সকলক বন ভূমি এৰি দিবলৈ প্ৰশাসনে বাৰম্বাৰ লিখিত ভাৱে জাননী দিয়ে ৷

তৎস্বত্বেও বনাঞ্চলৰ ভূমি এৰি নিদিয়াত পিছৰ পৰ্য্যায়ত চৰকাৰে এই বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছত বিগত সময়ত প্ৰায় ৮০% বনাঞ্চল বিনা উচ্ছেদে দখল মুক্ত হ’ল বেদখল কাৰী সকলে নিজৰ বাসগৃহ ভাঙি নিৰাপদ স্থানলৈ যোৱাৰ ফলত ৷ কিন্তু তেওঁলোকৰ ভেটি ,খেতি আদি বনাঞ্চলতে থাকি গ’ল ৷ প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছত যোৱা কেইদিনৰ সমৰ সদৃশ পৰিৱেশ প্ৰত্যক্ষ কৰি বে দখল কাৰী সকলে বাসগৃহ ভাঙি আঁতৰি আহিবলৈ বাধ্য হয় ।

দুটা পৰ্যায়ত চলিব লগীয়া এই উচ্ছেদ অভিযানত আজি মহঘুলি অঞ্চলৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে ২০২ টা ঘৰ উচ্ছেদিত হয় ৷ ৪৬ খন এক্সেভেটৰ আৰু ২৫ খন ট্ৰেক্টৰ ব্যৱহাৰ কৰি প্ৰশাসনে পথ ,বিজুলী সংযোগ ,মীন পালন পুখুৰী ,সৰিয়হ ,বেঙেনা ,কবি আদিৰ খেতি নষ্ট কৰে ৷ সৰিয়হৰ খেতি ট্ৰেক্টৰে চহাই পেলোৱাৰ বিপৰীতে এস্কেভেটৰে খান্দি পেলায় পথ সমূহ ৷ লখিমপুৰ জিলা বনবিষয়া অশোক কুমাৰ দেৱ চৌধুৰীৰৰ মতে অবৈধ দখলদাৰী সকলক কোনো লোকে উচতোৱাৰ ফলতহে তেওঁলোকে বনাঞ্চল খন ধ্বংস কৰিছিল ৷

তেওঁলোকৰ নেপথ্যত কোনোবা শক্তি থকাৰ বাবেই তিনিদশকক এখন বিখ্যাত বনাঞ্চল ধ্বংস হ’ল বুলি তেওঁ ব্যক্ত কৰে ৷ বিষয়াগৰাকীয়ে জনোৱা মতে বেদখলমুক্ত হোৱা দুশ হেক্টৰ ভূমিত গছ পুলি ৰোপন কৰিবলৈ চৰকাৰে অনুমোদন দিছে ৷ পিছলৈ পৰ্যায়ক্ৰমে বনাঞ্চল খনৰ বাকী অংশতো উচ্ছেদ অভিযান চলাব বুলি জিলা বনবিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে এসময়ত পাঠ্যপুথিত সন্নিবিষ্ট ,বনৰীয়া মহ’ৰ বাবে বিখ্যাত ,ৱাইল্ড লাইফ গেম চেংঞ্চুৰী পাভ সংৰক্ষিত বনাঞ্চলে সম্প্ৰতি বনাঞ্চলৰ চৰিত্ৰ বহন কৰা নাই ৷ ৪৬ .২৫ বৰ্গ কিঃমি ঘন অৰণ্য থকা বনাঞ্চল খনৰ কেবল ০.৩২ বৰ্গ কিঃমি বনাঞ্চল বৰ্তী আছে ৷ একাৰ্থত সম্পূৰ্ণ ৰূপে উচন হৈছে এসময়ৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা ৰাজ্যৰ বিখ্যাত বনাঞ্চল খন ৷

প্ৰায় তিনি দশক পূৰ্বৰ পৰা এই বনাঞ্চলত অবৈধ দখল আৰম্ভ কৰে কেতবোৰ লোকে ৷ ফলত বনাঞ্চলৰ সলনি জনাঞ্চলত পৰিণত হ’ল সংৰক্ষিত বনাঞ্চল খন ৷ বনাঞ্চল খনৰ ২৫৬০.২৫ হেক্টৰ বনভূমি সম্প্ৰতি বেদখলকাৰীৰ কৱলত ৷ বনাঞ্চল ভাঙি অবৈধ দখলদাৰীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত স্হায়ী আন্তঃগাঁথনিৰে বনাঞ্চলত গাঁও তৈয়াৰ কৰি স্থায়ী ভাৱে বসবাস কৰিবলৈ লৈছে ৷

বনাঞ্চলৰ ভিতৰত বেদখলকাৰীয়ে পকী গৃহ ,গাঁও আদি চৰকাৰী আন্তঃগাঁথনিৰে তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছিল ৷বনাঞ্চলৰ ভূমি নিজৰ দখলত ৰাখি কেতবোৰ লোকে তাত কৃষি কৰ্ম কৰিবলৈ ব্যৱস্থা কৰি লয় ৷ স্থানীয় কেতবোৰ লোক আৰু এটা বিশেষ ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কেতবোৰ লোকে অবৈধভাৱে বনাঞ্চলত বসতি স্থাপন কৰাৰ অভিযোগ উত্থাপন হয়৷

লখিমপুৰৰ বন বিভাগে বনাঞ্চল খনৰ দখলদাৰী সকলক বনাঞ্চল এৰিবলৈ পোন্ধৰ দিনৰ সময় দি যোৱা ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা কেইবা বাৰো জাননী প্ৰেৰণ কৰে ৷ শেষ বাৰৰ বাবে যোৱা ৭ চেপ্তেম্বৰত জাননী প্ৰেৰণ কৰে প্ৰায় ৭০০ টা পৰিয়ালক ৷ যোৱা চেপ্তেম্বৰ মাহৰ সাত তাৰিখে শেষ বাৰৰ বাবে সময় সীমা দি প্ৰতিটো পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছিল ৷

এই জাননী লাভৰ পাছতে উক্ত পৰিয়াল সমূহৰ কেতবোৰে স্ব ইচ্ছাই বাসগৃহ ভাঙি বনাঞ্চল এৰিবলৈ উদ্যত হোৱা পৰিলক্ষিত হয় ৷ যোৱা২৭ চেপ্তেম্বৰত পাভ বনাঞ্চলত লখিমপুৰ প্ৰশাসনে উচ্ছেদ চলোৱাৰ কথা আছিল ৷ পিছে বান পৰিস্থিতিৰ বাবে এই উচ্ছেদ অভিযান স্থগিত ৰখা হৈছিল ৷ কিন্তু তাৰ পূৰ্বেই উচ্ছেদ অবিহনেই বনাঞ্চল খনৰ ৮০% ভূমি বেদখলমুক্ত হয় ৷

স্মৰ্ত্তব্য যে গৰুখুটীৰ দৰে ঘটনাৰ যাতে পাভ বনাঞ্চলত সংঘটিত নহওক সেই কথা অনুধাৱন কৰি বনাঞ্চল এৰিছিল অবৈধ দখলকাৰীয়ে ৷ বাকী থকা পৰিয়ালে বনাঞ্চল এৰিলেই উচ্ছেদ অবিহনে বেদখলমুক্ত হ’লহেতেন বনাঞ্চল খন ৷ এই পৰিয়াল কেইটাই বনাঞ্চল এৰি নোযোৱাত মুঠ ৪৫০হেক্টৰ ভূমি বেদখল হৈ থাকে ৷ ইয়াৰে আধাখনাত ২৫০ হেক্টৰ আৰু ম’হঘুলীত ২০০ হেক্টৰ ভূমি বেদখল থাকে ৷ আজি ম’হঘুলী বেদখল মুক্ত হোৱাৰ পাছত কাইলৈ আধাখনাত চলিব প্ৰশাসনৰ বুল ড’জাৰ ৷

আনহাতে পাভ বনাঞ্চলত উচ্ছেদৰ বিৰুদ্ধে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে সোনাপুৰ নামৰ ঠাইত ৷এই উচ্ছেদক একপক্ষীয় উচ্ছেদৰ আখ্যা দি এয়া চৰকাৰৰ অমানৱীয় কাৰ্য আখ্যা আমছুৰ ৷

আৰু পঢ়ক: প্ৰশাসনৰ কঠোৰ নিৰ্দেশ! গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি বেদখলকাৰীয়ে নিজেই এৰিলে স্থান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in