/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ca43c1c8-0bda-4908-9ef4-2cd0e2527090/dsa.jpg)
lakhimpur
ডিজিটেল সংবাদ বান্দৰদেৱা : লখিমপুৰ জিলাৰ হাৰমতিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন স্কুটী আৰোহী আৰু এজন মেজিক আৰোহী। উল্লেখ্য যে স্কুটী আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভংয়কৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে, লালুক অভিমুখে আহি আছিল মেজিকখন আৰু বান্দৰদেৱা দিশত গৈ আছিল স্কুটীখন। দুৰ্ঘটনাত পতিত স্কুটী খনৰ নম্বৰ AR01 M 0945। উল্লেখ্য যে ঘটনা সংঘটিত হোৱা মেজিক খন প্ৰায় ২০ মিটাৰ দূৰত বাগৰি পৰে।
পথ দুৰ্ঘটনাত নিহত দুজনৰ নাম আশ্বাদুল আৰু আমিৰ। আনহাতে আনজন নিহত বৰ্তমান লৈকে চিনাক্ত হোৱা নাই।
আৰু পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ...