মণিপুৰত নিহত শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবে দুই মন্ত্ৰী লাহৰীঘাটলৈ ৰাওনা…

মণিপুৰত নিহত শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবে দুই মন্ত্ৰী লাহৰীঘাটলৈ ৰাওনা…

author-image
asomiyapratidin
New Update
মণিপুৰত নিহত শ্ৰমিকৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবে দুই মন্ত্ৰী লাহৰীঘাটলৈ ৰাওনা…

ডিজিটেল ডেস্ক : শিহৰণকাৰী মণিপুৰৰ ভূমিস্খলনত পুত গৈছিল শতাধিক শ্ৰমিক। ইয়াৰে ৭ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়া হৈছিল। এওলোক আছিল লাহৰীঘাটৰ তিৱা জনগোষ্ঠীয় লোক। সেই সকল নিহত শ্ৰমিকৰ দুৰ্ভগীয়া পৰিয়ালক চৰকাৰে দেওবাৰে প্ৰদান কৰিব ৰাজ সাহায্যৰ চেক।

অসম চৰকাৰে আগবঢ়োৱা এই চেক প্ৰদান কৰিব মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। লাহৰীঘাটৰ দুৰ্ভগীয়া পৰিয়ালক নিজৰ গৃহ ভূমিতে এই চেক প্ৰদান কৰা হব। সেই উদ্দেশ্যে এক অনুষ্টুপীয়া কাৰ্যসূচীৰো আয়োজন কৰিছে স্থানীয় লোক সকলে।

assam himanta biswa sarma bjp Assam police