দুষ্প্ৰাপ্য চৰাইসহ লাহৰীঘাট আৰক্ষীৰ জালত পুনৰ ৩ চোৰাং চিকাৰী...

লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাই এক প্ৰকাৰ নিদ্ৰা হৰিচে সম জিলা খনৰ চোৰাং চিকাৰী সকলৰ। যোৱা কালি ওৰে নিশা অভিযান চলাই লাহৰীঘাট থানা

New Update
yhyh

ডিজিটেল সংবাদ মৈৰাবাৰীঃ  লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাই এক প্ৰকাৰ নিদ্ৰা হৰিচে সম জিলা খনৰ চোৰাং চিকাৰী সকলৰ। যোৱা কালি ওৰে নিশা অভিযান চলাই লাহৰীঘাট থানা এলেকাধীন পশ্চিম গৰৈমাৰীৰ পৰা ছাইদুল ইছলামক দুষ্প্ৰাপ্য চৰাই সহ গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুৱতি নিশা ভুৰাগাও থানা এলেকাৰ পৰা পুনৰ ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ড° দিগন্ত বৰুৱাই।

Advertisment

সম জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে গ্ৰপ্তাৰ কৰা এই লোক তিনিজন হল ভকুৱামাৰীৰ জয়ণাল আবদিন, পশ্চিম বালিপাৰাৰ জয়ণাল আবদিন আৰু আমিৰ উদ্দিন। আৰক্ষীৰ অভিযানকাৰী দলটোৱে চোৰাং চিকাৰী হিচাপে অভিযুক্ত হোৱা এই তিনিজন লোকৰ কবলৰ পৰা চৰাই মাত উলিওৱা ২ টা বিশেষ যন্ত্ৰ,১৮ টা দুষ্প্ৰাপ্য চৰাইৰ লগতে চোৰাং ভাৱে চৰাই ধৰিবলৈ ব্যৱহাৰ কৰা বহু সজুঁলিও জব্দ কৰিছে। উল্লেখ্য যে মৰিগাঁও জিলাৰ নৈ কাষৰীয়া এই অঞ্চল সমূহত একাংশ অসাধু লোকে দীৰ্ঘ দিনৰ পৰা এই ধৰনৰ দুষ্প্ৰাপ্য প্ৰাণীসমূহৰ চোৰাং চিকাৰৰ জৰিয়তে ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।  

চোৰাং চিকাৰী