/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-1.jpg)
ডিজিটেল ডেস্ক: লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈক নিলম্বন। থানাৰ ভিতৰত এটি কিশোৰক অমানৱীয় অত্যাচাৰ চলাইছিল আৰক্ষী বিষয়া গৰাকীয়ে।
বিস্কুট চোৰৰ এটা ঘটনাক কেন্দ্ৰ কৰি কিশোৰ জনক প্ৰহাৰ কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে। থানা খনত থকা আন আৰক্ষী বিষয়া, কনিষ্টবলৰ আগত চলাইছিল নিৰ্যাতন। প্ৰায় ২ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।
লাহৰীঘাট থানাই জব্দ কৰা এখন গাড়ীৰ পৰা বিস্কুট চুৰি কৰা বুলি আৰক্ষীয়ে আটক কৰিছিল কিশোৰটিক।তাৰপাছত এছ আই বৰদলৈয়ে থানাৰ ভিতৰত উপৰ্যপুৰি প্ৰহাৰ কৰিছিল কিশোৰটিক। ছ'চয়িেল মিডিয়া যোগে এই দৃশ্য ৰাজহুৱা হোৱাৰ পাছতেই সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us