মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত, জামিন লাভ লাচিত গগৈৰ

অৱশেষত মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল বি জে পিৰ অ বি চি মৰ্চাৰ পৰা সদ্য অপসাৰিত নেতা লাচিত গগৈ।

author-image
Asomiya Pratidin
New Update
নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ ঘৰত আৰক্ষীৰ অভিযান...

নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ জামিন মঞ্জুৰ...

ডিজিটেল সংবাদ, বোকাজানঃ অৱশেষত মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল বি জে পিৰ অ বি চি মৰ্চাৰ পৰা সদ্য অপসাৰিত নেতা লাচিত গগৈ।

Advertisment

সোমবাৰে বোকাজান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে খটখটি আৰক্ষী থানাৰ গোচৰ নং 30/23 US IPC 120/B, 420, 384, 500 and 511 ধাৰাত ৰুজু হোৱা গোচৰত জামিন প্ৰদান কৰে লাচিত গগৈক।

বি জে পি নেতা লাচিত গগৈ আৰু ছাত্ৰ নেতা মিলন বুঢ়াগোহাঁইৰ মাজত চুপাৰি ছিণ্ডিকেটলৈ হোৱা বাৰ্তালাপ হৈছিল সমাজিক মাধ্যমত ভাইৰেল।

উল্লেখযোগ্য যে লাচিত গগৈ ২১ জুলাইৰ পৰা ডিফু ন্যায়িক জিম্মাত আছিল ডিফু কাৰাগাৰত। যোৱা ২ আগষ্টত ডিফু CJM আদালতে ডিফু থানাৰ ৭৯/২৩ নম্বৰৰ গোচৰত জামিন প্ৰদান কৰিছিল লাচিত গগৈক।

Also Read: ড০ পেগু, কিয় পেলাইছে এতিয়া নেগুৰ?

bjp