২৩ আৰু ২৪ নৱেম্বৰ: টাইপাৰ মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

টাই-আহোম যুৱ পৰিষদ অসমে ২৩ আৰু ২৪ নৱেম্বৰ ২০২২ত আয়োজন কৰিছে মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
২৩ আৰু ২৪ নৱেম্বৰ: টাইপাৰ মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল ডেস্ক: টাই-আহোম যুৱ পৰিষদ অসমে ২৩ আৰু ২৪ নৱেম্বৰ ২০২২ত আয়োজন কৰিছে মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান। কামৰূপ মহানগৰ জিলা সমতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতি মহিলা পৰিষদৰ সহযোগত পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠান অনুষ্ঠিত হ'ব।

২৩ নৱেম্বৰ বুধবাৰৰ সন্ধিয়া বানফি অনুষ্ঠানেৰে আৰম্ভ হ'ব এই কাৰ্যসূচী। ২৪ নৱেম্বৰ পুৱা ৮ বজাত উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মানচাও দুলাল গোঁহাইয়ে।

সেইদিনা পুৱা ৯ বজাত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰিব টাইপা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাও দ্বীপজ্যোতি দুৱৰাই।পুৱা ৯.৩০ বজাত খাদ্যদ্বাৰ মুকলি, ১০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান, দিনৰ ১১ বজাত আলোচনা চক্ৰ, ১২.৩০বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব।

দিনৰ ১ বজাত মুকলি সভা আৰু অষ্টম বাৰ্ষিক মহাবীৰ লাচিত বৰফুকন বঁটা প্ৰদান কৰা হ'ব।২০২২ বৰ্ষৰ মহাবীৰ লাচিত বঁটা লাভ কৰিছে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী মানচাও চৌনা মেইনে।

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ হৈ দিলীপ গগৈয়ে এই বঁটা প্ৰদান কৰিব। আনহাতে এই উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰিহ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।

assam lachit divas