/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0e12a401-d700-4ccf-810e-e994174fac78/lachit.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিত আকৰ্ষণীয় কুচকাৱাজেৰে অনুষ্ঠিত কৰা হয় লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ । ছাত্ৰ-ছাত্ৰী তথা যুৱচামক লাচিত বৰফুকনৰ মহান ত্যাগ আৰু দেশপ্ৰেমৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনাই লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । শুকুবাৰে ধেমাজি কাছাৰী ময়দানত আয়োজিত কুচকাৱাজ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ গৰাকীয়ে কয় যে, অসম চৰকাৰৰ এনে মহত্বপূৰ্ণ প্ৰয়াসৰ বাবেই আজি দেশৰ সকলো প্ৰান্তৰ লোকে লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু নেতৃত্বৰ গুণৰ বিষয়ে জনাৰ সুযোগ পাইছে । তাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/aeaabcb0-737f-4238-a178-03c07a10587e/WhatsApp_Image_2022_11_18_at_10_09_47_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3ba6f763-cf88-4cf7-9c88-ff65783651a1/WhatsApp_Image_2022_11_18_at_10_09_50_PM.jpeg)
ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই কয় যে লাচিত বৰফুকন আছিল অসমীয়াৰ স্বাভিমান আৰু বীৰত্বৰ প্ৰতীক। তেনে এগৰাকী সেনানায়কক সামৰিক মৰ্যাদাৰে শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যই অসম চৰকাৰৰ নিৰ্দেশ ক্ৰমে ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু এন এন চি কেডেটৰ সহযোগত কুচকাৱাজৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/443781f9-5b13-4bb9-8aa3-459593e2c990/WhatsApp_Image_2022_11_18_at_10_09_52_PM.jpeg)
ভাষণৰ পূৰ্বে সাংসদ গৰাকীয়ে আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। কুচকাৱাজত ধেমাজি জিলা আৰক্ষীৰ উপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ২২নং অসম আৰক্ষী আই আৰ বেটেলিয়নৰ, ধেমাজি মহাবিদ্যালয়ৰ, ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ, ধেমাজি ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধেমাজি টাউন হাইস্কুলৰ এন চি চি দল আৰু এছ এফ এছ স্কুলৰ বেণ্ড দলে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, ধেমাজি মুখ্য নায়িক আদালতৰ বহুকেই গৰাকী দণ্ডাধীশ, ধেমাজি উকীল সন্থাৰ অধিবক্তা সকল, ধেমাজি নগৰ প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালা, ২২ নং অসম আৰক্ষী আই আৰ বেটেলিয়নৰ অধিনায়ক মুছলেউদ্দিন আহমেদ, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পুষ্প গগৈ, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগ, ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক গোহাঁই, ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্য প্ৰৱন্ধক বৈকুণ্ঠ ফুকন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে প্ৰশাসনৰ জেষ্ঠ বিষয়া আৰু বিভিন্ন দল, সংসঠনৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6cb34335-0c0e-47c6-aa12-82feb1a8f8e5/WhatsApp_Image_2022_11_18_at_10_09_54_PM.jpeg)
উল্লেখযোগ্য যে এই কাৰ্যসূচীৰে শুকুবাৰৰ পৰা সপ্তাহজোৰাকৈ আয়োজন কৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। শনি বাৰে দিনৰ ১.৩০ বজাত ধেমাজি কাছাৰী ময়দানত সকলোৰে বাবে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰ যোগে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে।
আৰু পঢ়ক : শ্বহীদ আবুল আলিক ঘোৰ অপমান চি আই এচ এফৰ...