লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে পদপথৰ লোকক বস্ত্ৰ বিতৰণ আৰক্ষীৰ

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰৰ বিভিন্ন ঠাইত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা হৈছে।
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে পদপথৰ লোকক বস্ত্ৰ বিতৰণ আৰক্ষীৰ

ডিজিটেল সংবাদ, মানকাচৰ: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰৰ বিভিন্ন ঠাইত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা হৈছে। তাৰ মাজতে মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ব্যতিক্ৰমী ধৰণে উদযাপন কৰিছে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী। পদপথৰ দুখীয়া লোক সকলক বস্ত্ৰ বিতৰণ কৰে আৰক্ষী সকলে।

উল্লেখযোগ্য যে মানকাচৰ চহৰৰ বিভিন্ন ঠাইত বস্ত্ৰ বিতৰণ কৰে, এই কাৰ্যসূচীত উপস্থিত থাকে চক্ৰ আৰক্ষী বিষয়া তিলক চন্দ্ৰ ৰায়,মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাস,উপ পৰিদৰ্শক কামেশ্বৰ বসুমতাৰী।।

লক্ষ্যনীয় যে এই বস্ত্ৰ বিতৰণ কাৰ্য্যসূচীৰ জৰিয়তে মানকাচৰ আৰক্ষীয়ে ১৫০ টা কম্বল বিতৰণ কৰে।।

আৰু পঢ়ক: দিল্লীৰ জামা মছজিদত নিষিদ্ধ কৰা হ'ল যুৱতীৰ প্ৰৱেশ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in