/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b6471954-ce81-4ccd-8aef-24bd3483d31c/cg.jpg)
lachit award to Arunachal deputy cm
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ মহাবীৰ লাচিত দিৱসৰ বঁটা প্ৰদান কৰা হ’ব অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী মানচাঁও চৌনামেইনক। ১১ চেপ্টম্বৰত গুৱাহাটীৰ চ্যুকাফা ভৱনত টাই আহোম যুৱ পৰিষদ(অসম) আৰু মহিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, মানচাওঁ চৌনামেইনৰ কৰ্মৰাজিৰ ওপৰত বহুদিন ধৰি দৃষ্টি ৰাখিছিল টাই আহোম যুৱ পৰিষদে। চৌনামেইনৰ কৰ্মৰাজিৰ ওপৰত আপ্লুত হৈয়ে তেওঁক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সেয়ে ২৪ ছেপ্টেম্বৰ দিনা লাচিত দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ প্ৰেক্ষাগৃহত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল।
উল্লেখ্য যে, এই সিদ্ধান্তৰ ফলত টাই জাতিৰ উন্নয়নৰ লগতে অৰুণাচল আৰু অসমৰ শান্তি শৃংখলা বজাই ৰখাত সহায় হ’ব বুলি যুৱ পৰিষদ আশাবাদী।