/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : দেওবাৰে দুপৰীয়া ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত অম্বাগাওঁৰ সমীপৱৰ্তী বালিসিঠাত সংঘটিত হয় এক কৰুণ ঘটনা। টেলিকম বিভাগৰ কৰ্মী এগৰাকীয়ে জিঅ'ৰ ইণ্টাৰনেট সংযোগৰ কামত নিয়োজিত হৈ থকা সময়তে গাতত পৰি মৃত্যু ঘটে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, অঞ্চলটোত জিঅ' টাৱাৰৰ সংযোগৰ কাম চলি থকাৰ সময়তে মাটিৰ তলত পাইপ এডাল সোমাই থকাত জেচিবিৰে উক্ত স্থানত এটা গাত খান্দে। ইয়াৰ পাছতে মাটিৰ তলত থকা পাইপডাল উলিয়াবলৈ গাতটোত নামি যোৱাৰ সময়তে ওপৰৰ পৰা পানীৰ সৈতে মাটিৰ খহি গাতত থকা মানুহজনক পুতি পেলায়।
ঘটনা প্ৰত্যক্ষ কৰি সমীপতে থকা সতীৰ্থই তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বহুসময় ধৰি মাটিৰ তলত পুত গৈ থকাত তেখেতৰ মৃত্যু হয়। পাছত ঘটনাস্থলীত আৰক্ষী আৰু ওদালগুৰি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত লোকজন গোৱালপাৰা জিলাৰ ভদ্ৰেশ্বৰ ৰাভা বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰে।
আৰু পঢ়ক: বকোত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…