নগাঁৱত যুৱ -ছাত্ৰ পৰিষদৰ শ্ৰমিক দিৱস পালন

জাতীয় শ্ৰমিক পৰিষদৰ নগাঁও জিলা সমিতিৰ  উদ্যোগত শ্ৰমিক দিৱস উদযাপন কৰা হয়। নতুন বজাৰস্থিত সমিতিৰ কাৰ্যালয়ত বৃহত্তৰ নগাঁও জিলাৰ অসংগঠিত খণ্ডৰ শ্ৰমিক তথা টমটম চালক, টেম্প'চালক, ট্ৰেভেলাৰ চালক, বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিক সকলক সম্বৰ্ধনা জনোৱা হয়। 

author-image
Asomiya Pratidin
New Update
নগাঁৱত যুৱ -ছাত্ৰ পৰিষদৰ শ্ৰমিক দিৱস পালন

নগাঁৱত যুৱ -ছাত্ৰ পৰিষদৰ শ্ৰমিক দিৱস পালন

ডিজিটেল সংবাদ , নগাঁও : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ নগাঁও জিলা সমিতিৰ  উদ্যোগত শ্ৰমিক দিৱস উদযাপন কৰা হয়। নতুন বজাৰস্থিত সমিতিৰ কাৰ্যালয়ত বৃহত্তৰ নগাঁও জিলাৰ অসংগঠিত খণ্ডৰ শ্ৰমিক তথা টমটম চালক, টেম্প'চালক, ট্ৰেভেলাৰ চালক, বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিক সকলক সম্বৰ্ধনা জনোৱা হয়। 

Advertisment

এই কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই সদৰি কৰে যে, "শ্ৰমজীৱী খাতি-খোৱা জনগণৰ ভাষা শক্তিশালী যদিও সময়ে সময়ে তাক শোষক শ্ৰেণীয়ে অৱদমন কৰিব বিচাৰি আহিছে। কিন্তু সেয়া সফল হ'ব পৰা নাই। তদুপৰি সংগঠিত অথবা অসংগঠিত খণ্ডৰ যিকোনো শ্ৰমিকে আজিকোপতি নিজৰ অধিকাৰ সম্পৰ্কে সজাগ আৰু সচেতন হোৱাই নাই। সেয়ে শোষণ-বঞ্চনাৰ বলি হ'ব লগা হৈছে।" 

শ্ৰমিক আইন সম্বন্ধীয় বহু খিনি গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰে আইনী উপদেষ্টা গীতাৰ্থ কমল শইকীয়ায়ে। এখন ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু অসমীয়া কেলেণ্ডাৰেৰে শ্ৰমিক সকলক উৎসাহিত কৰে নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে। সভাপতি শৰ্মাই শ্ৰমিক আন্দোলনৰ ইতিহাসৰ তাৎপৰ্য ব্যাখ্যা কৰে। প্ৰতিবছৰে আয়োজন কৰা এই অনুষ্ঠান এইবেলি সফল কৰা শ্ৰমিক পৰিষদৰ উপ-সভাপতি প্ৰভাত বৰা আৰু সাধাৰণ সম্পাদক ৰূপৰাম হাজৰিকাই সকলোকে ধন্যবাদ জনায়।

শ্ৰমিক আইন আন্তৰ্জাতিক শ্ৰমিক দিৱস শ্ৰমিক