/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/aam.jpg)
ডিজিটেল ডেস্ক: এটা আম ৷ দাম ১.৫০ লাখ টকা ৷ লংকা কাকীৰ পদুমপুখুৰী চি আৰ পি এফ জোৱান শক্ৰুঘ্ন মুখীয়া ৷ জোৱানজনে ২০২১ চনৰ আগষ্ট মাহত কলিকতাৰ এখন নাৰ্চাৰীৰ পৰা পোন্ধৰ শ টকাত কিনি আনিছিল আমৰ পুলিটো ৷
জাপানৰ প্ৰজাতি আম পুলিটোৰ নাম EGG OF THE SUN ৷ জোৱানজনে নিজ গৃহৰ এখন চাদৰ ওপৰত ৰুইছে আম পুলিটো৷ আম পুলিটোত লাগি আছে এটা আম ৷ এই আমটোক লৈ চিন্তিত গাঁও বাসী আৰু জোৱান জনৰ পিতৃ ৷
আমটোক লৈ কৌতুকহলৰ লগতে ৰক্ষণা-বেক্ষনক লৈ তৎপৰ এই লোক সকল ৷ গুগুলতো আমটোৰ দামক লৈ চৰ্চা ৷ সঁচাকৈ যদি EGG OF THE SUN প্ৰজাতিৰ আম হয়,তেনেহলে এই আমটো বিক্ৰী কৰিলে জোৱানজনে পাব লক্ষাধিক টকা ৷
জোৱানজনৰ পিতৃয়ে জানিব দিয়া মতে এই আমটো বিক্ৰী নকৰে নিজৰ লগতে গাঁওবাসীকো আমটোৰ জুটি ল'বলৈ দিব । গাঁৱবাসীও আমটোক লৈ উৎকন্ঠিত।
আৰু পঢ়ক: বঙাইগাঁৱৰ কুশলাইগুৰিত ব্যাহত ৰে'লৰ সেৱাঃ যাত্ৰীৰ মাজত হাহাকাৰ….
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us