লভিতা নাটৰ বিতৰ্কক লৈ অভিনেত্রী প্রস্তুতি পৰাশৰৰ প্রতিক্রিয়া প্ৰকাশ...

নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই লভিতাক বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে বুলি এক বিতৰ্কৰ সৃষ্টি হৈছিল

author-image
Asomiya Pratidin
New Update
লভিতা নাটৰ বিতৰ্কক লৈ অভিনেত্রী প্রস্তুতি পৰাশৰৰ প্রতিক্রিয়া প্ৰকাশ...

labhita controversy

ডিজিটেল ডেস্ক : আবাহন থিয়েটাৰে ২০২২ বৰ্ষত মঞ্চস্থ কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা লভিতা নাটক। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই লভিতাক বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে বুলি এক বিতৰ্কৰ সৃষ্টি হৈছিল। সেই লভিতা নাটৰ বিতৰ্কক লৈ অভিনেত্রী প্রস্তুতি পৰাশৰে প্ৰকাশ কৰিছে প্রতিক্রিয়া।

Advertisment

অভিনেত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে - ‘আমি সামাজিক দায়িত্ব লৈ নাট পৰিবেশন কৰি আছোঁ। ৰূপকোঁৱৰৰ অমৰ সৃষ্টিক বিকৃত কৰাৰ মানসিকতা আমাৰ নাই। একে নামৰ আলম লোৱাৰ বাবে বিভ্রান্তিৰ সৃষ্টি হৈছে।’

লগতে তেওঁ কয় যে 'অভিজিৎ ভট্টাচাৰ্যৰ লভিতাক পৃথকীকৰণ কৰা হ’ব’। আনহাতে, আবাহনৰ লভিতাক লৈ যি ধনাত্মক চিন্তাধাৰা তাক অপমান নকৰিবলৈ অনুৰোধ জনালে অভিনেত্ৰী গৰাকীয়ে।

ৰূপকোঁৱৰৰ ৰচিত লভিতা নাট সেই নাটৰ আলম লৈ আবাহনে যিখন লভিতা নাট সৃষ্টি কৰিছে সেই নাটত লভিতাত থকা চৰিত্ৰৰ সংলাপ কিছু সাল-সলনি কৰাৰ পৰিলক্ষিত হৈছে। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে জ্যোতিপ্রসাদ আগৰৱালাৰ ৰচনাৱলী সমূহ নৱ-প্রজন্মই অধ্যয়ন কৰিব লাগে। ইয়াক লৈ বিতৰ্ক নকৰিব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই নাট উপভোগ কৰিছে। ৰাইজেও উপভোগ কৰিছে নাটখন। সকলোৱে আদৰি লৈছে বুলি তেওঁ মন্তব্য কৰাৰ লগতে নাটখনক লৈ বিতৰ্ক কৰা উচিত নহয় বুলি সংবাদ মাধ্যমৰ আগত বাৰম্বাৰ মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে।

assam labhita prastuti parashar guwahati