/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/kuthorighat.jpg)
ডিজিটেল সংবাদ জাগীৰোডঃ জাগীৰোডৰ সমীপৱৰ্তী কুঠৰীগাঁৱ বনৰক্ষীৰ গুলীত সাধাৰণ নাগৰিক নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি সোবাৰে নিশা জাগীৰোড আৰক্ষী চকীৰ অন্তৰ্গত মেঘালয়ৰ সীমান্তৱৰ্তী কুঠৰী গাঁৱত বৰসিং তিছো নামৰ এজন ব্যক্তিৰ মৃত্যু হয়। ব্যক্তি জনৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি কুঠৰী গাঁৱত। স্থানীয় ৰাইজে লণ্ডভণ্ড কৰিলে কুঠৰী বীট অফিচ।
ঘটনাৰ বিৱৰণ মতে কুঠৰী গাঁৱৰ নিৰ্বাসি বৰসিং তিছো নামৰ ব্যক্তিজনে ঘৰৰ দুৱাৰ খিৰিকী তৈয়াৰ কৰিবৰ বাবে বন বিভাগৰ অনুমতি সাপেক্ষে কাঠ কাটিছিল। বনবিভাগে ৪ হাজাৰ টকা লৈ অবৈধভাবে ৰাতিৰ ভাগত কাঠ কাটিবলৈ অনুমতি প্ৰদান কৰিছিল । সন্ধ্যা ভাগত কাঠ ফালিবলৈ লওঁতেই অতৰ্কিতে গুলি চলাই বনবিভাগৰ লোকে।
ঘটনাত বৰসিং তিছো নামৰ ব্যক্তিজনৰ মৃত্যু হোৱাৰ লগতে ৰজিত সিংহা নামৰ অন্য এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত ৰজিত সিংহা বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। বন বিভাগৰ গুলীত বৰসিং তিছোৰ মৃত্যু হোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় মহিলা সকলে লণ্ডভণ্ড কৰিলে কুঠৰী বীট অফিচ।
পৰৱৰ্তী সময়ত পুৱতি নিশা প্ৰায় ৩ বজাত মৰিগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৪ হাজাৰ টকা লৈ কাঠ ফালিবলৈ অনুমতি দিয়াৰ পিছত বন বিভাগে এইদৰে গুলীয়াই হত্যা কৰাৰ ঘটনাক লৈ উত্তেজিত হৈ আছে কুঠৰীগাওঁ।