মঙলদৈত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিক

মঙলদৈত কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিক।

author-image
Asomiya Pratidin
New Update
মঙলদৈত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিক

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিক। প্ৰধানমন্ত্ৰীয়ে দেশত ১১৭ খন আকাংক্ষিত জিলা ঘোষণা কৰিছিল।তাৰে দৰং জিলাও এখন।

Advertisment

ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰালয়ে উক্ত জিলা সমুহক উন্নত মানৰ কৰাৰ উদ্দেশ্যে প্ৰতিখন জিলা পৰিদৰ্শন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সকলক আহ্বান জনোৱাৰ পিছত সোমবাৰে মঙলদৈত মন্ত্ৰী গৰাকী উপস্থিত হয। লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ লগত মঙলদৈ উপায়ুক্তৰ কাৰ্যালয়ত মিলিত হয়।

মন্ত্ৰী গৰাকী সকলো দিশৰ বুজ লৈ কৃষি আৰু অঙ্গনৱাদী কেন্দ্ৰ সমূহৰ ওপৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা আৰু অসমৰ প্ৰতিখন জিলাতে একোখনকৈ বিশেষ ভাবে সক্ষম কেন্দ্ৰ স্থাপনৰ মত পোষণ কৰে।

সভাৰ অন্তত মন্ত্ৰী গৰাকী দৰং কেঞ্চাৰ কেন্দ্ৰ, মঙলদৈ নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু মঙলদৈষ্ঠিত ব্যক্তিগত খণ্ডৰ বিশেষ ভাবে সক্ষম কেন্দ্ৰ পৰিদৰ্শন কৰে।

assam mangaldai