এটা প্ৰশ্ন! হঠাৎ খং উঠি গ’ল কুমাৰ দীপক দাসৰ- কিয়?

এটা প্ৰশ্ন! হঠাৎ খং উঠি গ’ল কুমাৰ দীপক দাসৰ- কিয়?

author-image
asomiyapratidin
New Update
এটা প্ৰশ্ন! হঠাৎ খং উঠি গ’ল কুমাৰ দীপক দাসৰ- কিয়?

অসম গণ পৰিষদ আৰু বিপিএফ-বিজেপিৰ মিত্ৰদলৰ প্ৰাৰ্থী কুমাৰ দীপক দাস। বৰপেটা সমষ্টিত এইবাৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে অগপৰ এই নেতাগৰাকীয়ে। সাহিত্য-সংস্কৃতিৰ লগতে ৰাজনীতি ক্ষেত্ৰখনত পৰিচিত নাম কুমাৰ দীপক দাস। ৰাজ্যসভাৰ সাংসদ ৰূপে তেখেতে সদনত বিশেষ ভূমিকা পালন কৰিছিল। এইগৰাকী প্ৰাৰ্থীগৰাকী এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কুমাৰ দীপক দাসৰ সৈতে হোৱা 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণৰ বিশেষ কথোপকথন।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ নমস্কাৰ। আপুনি বৰপেটাৰ দৰে এটা সন্মানীয় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে। প্ৰেক্ষাপট কেনেকুৱা?

কুমাৰ দীপক দাসঃ এটা কথা প্ৰেক্ষাপটত স্পষ্ট হৈছে যে- আমি যি মিত্ৰজোঁট কৰিছে, বিজেপি-অগপ-বিপিএফ বৰপেটা সমষ্টিৰ সৈতে জড়িত। আৰু তিনিটা দলৰ মিত্ৰজোঁটৰ যি শক্তি, এই শক্তিৰ দ্বাৰা আমি যেনেধৰণে আগবাঢ়িছো আৰু এই শক্তিৰ আগত কংগ্ৰেছ, এ আই ইউ ডি এফৰ দৰে শক্তি থিয় দিব নোৱাৰে। তেওঁলোক পৰাজিত হ'ব।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ এই সমষ্টিটো দীৰ্ঘদিন কংগ্ৰেছৰ দখলত আছিল। আৰু শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিছিল। কিন্তু ২০১৪চনৰ লোকসভা নিৰ্বাচনলৈ যদি চোৱা যায়, তেন্তে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমল জয়ী হৈছিল। ৩,৫৪,৭০২টা ভোট তেওঁ লাভ কৰিছিল। কিন্তু তাৰ বিপৰীতে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৭৩,৭৬৩টা ভোটহে লাভ কৰিছিল। আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰায় ৩,৫১,৩৬১টা ভোট লাভ কৰিছিল। এইবাৰ আপোনালোকে বিজেপিৰ পৰা কেনেধৰণৰ সঁহাৰি লাভ কৰিম বুলি ভাবিছে? আৰু অগপৰ আগৰ তুলনাত এইবাৰ ভোটৰ সংখ্যা বাঢ়িবনে?

কুমাৰ দীপক দাসঃ চাওঁক অগপৰ ভোট যথেষ্ট বাঢ়িছে। কাৰণ যোৱাবাৰ লোকসভা নিৰ্বাচনত যিমান ভোট লাভ কৰিছিলে তাৰপাছত বিধানসভাত ভোটৰ সংখ্যা বাঢ়িছে। তাৰোপৰি পঞ্চায়ত নিৰ্বাচনতো আমাৰ ভোট বাঢ়িছে। গতিকে এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি-অগপ-বিপিএফৰ মিত্ৰতাৰ শক্তি বহুত বেছি বুলি ক'ব বিচাৰিছো। আৰু এই শক্তিক প্ৰতিৰোধ কৰাতো এ আই ইউ ডি এফ বা কংগ্ৰেছৰ কাৰণে সম্ভৱ নহয়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপোনাৰ এটা বিশেষ পৰিচয় আছে। কেৱল ৰাজনীতিৰ ক্ষেত্ৰখন বুলিয়েই নহয়, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতেও যথেষ্ট জড়িত। কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই সময়ত প্ৰথমে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছত পুনৰ বিজেপিৰ সৈতে লোকসভা নিৰ্বাচনত মিত্ৰতা কৰি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেই ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ এই নিৰ্বাচনৰ ফলাফলত পৰিব বুলি ভাবে?

কুমাৰ দীপক দাসঃ চাওঁক, অগপ-বিজেপিৰ প্ৰথমবাৰৰ বাবে মিত্ৰতা হোৱা নাই। দুয়োটা দলৰ মিত্ৰতা ২০০১চনত প্ৰথম হৈছিল। কংগ্ৰেছ আৰু এ আই ইউ ডি এফে কিছুমান মিছা বাতৰি প্ৰচাৰ কৰ, আমি মুছলমান বিৰোধী বিজেপিৰ লগ হ'লো, বঙালী বিৰোধী দলৰ সৈতে অগপ লগ হ'ল আদি অপপ্ৰচাৰ চলাই তেওঁলোকে আজি এই শক্তিটোক দ্বিখণ্ডিত বা ত্ৰিখণ্ডিত কৰিব বিচাৰিছে…। কিন্তু তেওঁলোকে যি অপপ্ৰচাৰ চলাইছে সেই অপ্ৰচাৰে আমাৰ শক্তিক দ্বিখণ্ডিত বা ত্ৰিখণ্ডিত কৰিব নোৱাৰে। আৰু মই ভাবো আমি বিপুল ভোটত জয়ী হ'ম।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। আৰু দেখা পোৱা গৈছে যে ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলে বিশেষভাৱে ভোট দিবলৈ আগবাঢ়ি আহিছে। আপোনাৰ সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু যথেষ্ট সংখ্যক ভোটাৰ আছে। এই ভোটাৰ সকলে অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰূপে আপোনাক সমৰ্থন কৰিব বুলি ভাবেনে?

কুমাৰ দীপক দাসঃ এন আৰ চিখন হোৱাৰ পাছত ইয়াত এটা নতুন ট্ৰেণ্ড হৈছে। এইখন হোৱাৰ আগত বাংলাদেশী, ৰিফুজী আদি আখ্যা দি তেওঁলোকক ৰাখিছিলে। কিন্তু এন আৰ চিত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁলোক মনত জাতীয় চেতনা বাঢ়িছে। আৰু সেই কাৰণে আজিৰ তাৰিখত এন আৰ চি হোৱাৰ পাছত কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰতি তেওঁলোকৰ যি মোহ সেয়া ভংগ হৈছে। গতিকে যথেষ্টখিনি সংখ্যালঘু ভোটো লাভ কৰিম। আমাৰ ভোট বৃদ্ধি পাব আৰু আমি কংগ্ৰেছ, এ আই ইউ ডি এফক বহু হাজাৰ ভোটত পিছুৱাই আগবাঢ়ি যাব পাৰিম।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি ৰাজ্যসভাৰ সাংসদ হিচাপে যথেষ্ট সক্ৰিয় আছিলে। আৰু এইবাৰ যদি অসমৰ পৰা নিৰ্বাচিত হৈ যায়, তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আপোনাৰ স্থিতি কি হ'ব?

কুমাৰ দীপক দাসঃ যেতিয়া মিত্ৰজোঁটত পুনৰ আহিলো, এন ডি এত যোগদান কৰিলো সেইদিনা আমি আমাৰ বক্তব্য স্পষ্টভাৱে ৰাখিছিলো। আৰু বিজেপিয়েও সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে। আৰু এই কাৰণে আমাৰ কোনো সংকতো অহা নাই। তেওঁলোকেও ইস্তাহাৰত দিছে, আমিও ইস্তাহাৰত দিছো। তেওঁলোকে যি ইস্তাহাৰত দিছে, সেয়া তেওঁলোকৰ বক্তব্য। আমি যি ইস্তাহাৰত লিখিছো সেয়া আমাৰ বক্তব্য। কিন্তু সেই কাৰণে আমাৰ কোনো সংঘাত হোৱা নাই। সংঘাত এই কাৰণেই হোৱা নাই যে, এই সমস্যাটো উত্থাপন হ'লেই আমি আলাপ আলোচনা এই বিষয়ত পুনৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে মই ভাবো যে আজিৰ তাৰিখত আমাৰ দলৰ যি স্থিতি আৰু বিজেপিৰ যি স্থিতি তাক লৈ মই আৰু নতুনকৈ বক্তব্য ৰাখিব লগা নাই। কিন্তু প্ৰাৰ্থী হিচাপে এটা কথা কওঁ, অসমৰ যিকোনো সমস্যা, অসম চুক্তি, বিদেশী সমস্যা, নিবনুৱা সমস্যা, সকলো সমস্যাৰ বিৰুদ্ধে আমি সন্মুখত থিয় হৈ যুদ্ধ কৰিম। মোৰ পূৰ্বৰ যি স্থিতি যে কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, কাৰণ মই কোনো কম্প্ৰমাইজ জীৱনত কৰাই নাই। আৰু কম্প্ৰমাইজ নকৰাৰ বাবে আমি বহু হেৰুৱাইছো। কিন্তু মই ৰাইজৰ মৰম-আশীৰ্বাদ পাইছো আৰু ভৱিষ্যতলৈও পাম, সেইটো মই জানো। সেইকাৰণে আমি যিবোৰ সমস্যা লৈ আঞ্চলিক দল কৰিছিলো, জাতীয়তাবাদ কৰিছিলো, অসমৰ জাতীয় অস্তিত্বৰ বাবে আন্দোলন কৰিছিলো, সেই হিচাপত আমি কোনো কথাতেই কোনো ধৰণৰ কম্প্ৰমাইজ কৰাৰ প্ৰশ্ন নাহে। কিন্তু কথা হৈছে যেতিয়া ৰাজনৈতিকভাৱে কিছু পাবৰ বাবে আমি যেনেধৰমে আগবাঢ়িব লাগে, যি ঐক্যৱদ্ধ শক্তি লাগে, শক্তি গঠনত আমাৰ ক'ৰবাত ক'ৰবাত মত বিৰোধ থাকিব পাৰে, এই মত বিৰোধবোৰ আমি আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। আৰু একগোট হ'বই লাগিব। কাৰণ আজিৰ তাৰিখত আমি অকলেই মন্ত্ৰীসভা যে কৰিম সেইটো নহয়, আমি অকলে খেলি জয়ী হ'বও নোৱাৰো। লোকসভা সমষ্টিত আজি কোনো দলে অকলে খেলি জিকিব নোৱাৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফে যদিও আমি মিত্ৰতা নহ'ল বুলি কয়, কিন্তু তেওঁলোকে গোপনভাৱে মিত্ৰতা কৰি তাত এটা প্ৰাৰ্থী নিদিয়াকৈ সংগ্ৰাম তেওঁলোকেও চলালে।… আৰু এই মিত্ৰজোঁটত বিধেয়ক বিৰোধী মানুহ বহু আছে। জে ডি ইউ আছে, শিৱসেনা আছে, উত্তৰপূৰ্বাঞ্চলৰ বহু সংগঠন আছে। সেইবোৰো কিন্তু এন ডি এৰ সদস্য। আমিও এন ডি এৰ সদস্য।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ জে ডি ইউৰ সৈতে অগপৰ তুলনা হয় জানো?

কুমাৰ দীপক দাসঃ চাওঁক, মই ক'ব বিচাৰিছো যে, তেওঁলোকৰ যি বক্তব্য সেয়া কোনো বাধাগ্ৰস্ত হোৱা নাই। আৰু আমাৰ যি মত সেই মতক লৈ একো মতবিৰোধ হোৱা নাই। গতিকে আমাৰ যি স্থিতি, সেই স্থিতিক লৈ আমি আগবাঢ়িব পৰা শক্তি আমাৰ আছে। সেই সুবিধা বিজেপিয়ে আমাক আনি দিছে বা এন ডি এ পক্ষই আনি দিছে। গতিকে আমি নাভাবো আমাৰ সংঘাত এই সন্দৰ্ভত হ'ব। আৰু যদি সংঘাত হয় তেন্তে আমি আলাপ-আলোচনাৰ মাজেৰে সেয়া সমাধানৰ কৰা চেষ্টা কৰিম।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি সংঘাত নহ'ব বুলি ক'লেও, অগপৰ একাংশ তৃণমূল পৰ্যায়ৰ সদস্য বা নেতাই ইয়াৰ বিৰুদ্ধাচৰণ কৰি আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি প্ৰফুল্ল কুমাৰ মহন্তই ভোটদানেই কৰা নাই। তেনেক্ষেত্ৰত এই কথাবোৰে সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব?

কুমাৰ দীপক দাসঃ প্ৰফুল্ল কুমাৰ মহন্তই কৈছে নেকি অগপ কেব বিৰোধী? তেওঁ ভোট নিদিয়াতো তেওঁৰ ব্যক্তিগত অধিকাৰ আছে। তেওঁৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত মই কেনেকৈ মাত মাতিম বা এটা দলে কেনেকৈ মাত মাতিব?… কিন্তু তেওঁৰ মতৰ দ্বাৰা আমাৰ দলটোত যদি কিবা ক্ষতি হৈছে সেই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই আলোচনাও অব্যাহত ৰাখিছে। তাত অসুবিধাতো একো হোৱা নাই। অসুবিধা হৈছে কাৰ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰহে।… গতিকে এইখিনি কথাকে লৈ আজি ৰাজনীতি আৰম্ভ হৈছে। অথচ কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰ এই বিধেয়কৰ বিৰোধিতা কৰা বুলিও কয় আৰু এই বিধেয়কৰ সমৰ্থনত তেওঁলোকে বেলেগ এখন বিধেয়কো আনিব বিচাৰিছে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ অগপই ৰাজনাথ সিঙক সাক্ষাৎ কৰাৰ পাছত এই বিধেয়ক হ'ব বুলি কোৱা লগে লগে বিজেপিৰে থকা মিত্ৰতা ভংগ কৰিছিল। কিন্তু বিজেপিয়ে ইস্তাহাৰত এই কেব আনিবই বুলি যেতিয়া লিখিলে তাৰপাছত আপুনি কি ক'ব?

কুমাৰ দীপক দাসঃ এইটো কোনে লিখিছে?

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ বিজেপিয়ে।

কুমাৰ দীপক দাসঃ বিজেপিয়ে লিখিছে, অগপই কি লিখিছে? অগপৰ ইস্তাহাৰ পঢ়ক। এই মিত্ৰজোঁটৰ যিবোৰ দল আছে, উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ দল আছে, তেওঁলোকৰ ইস্তাহাৰ পঢ়ক। তেওঁলোকেও নিজৰ নিজৰ স্থিতি বাখ্যা কৰিছে। গতিকে সেই স্থিতিক লৈ আমাৰ দ্বিমতো হোৱা নাই মত বিৰোধীও হোৱা নাই। মই সেইটোৱে আপোনাক ক'ব বিচাৰি আছো। গতিকে এই সন্দৰ্ভত আলোচনা কৰি মই আমাৰ বিৰোধী পক্ষক সহায় কৰিব বিচৰা নাই। মই যি বক্তব্য দিছো, সেইখিনি দলৰ বক্তব্য, সেইখিনি আমাৰ ইস্তাহাৰত থকা বক্তব্য আৰু এইখিনি বিজেপি-অগপই মিত্ৰতা কৰি এন ডি এত যোগ দিয়াৰ আগ মুহূৰ্তত কৰা বক্তব্য।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ যদি এইবাৰ আপুনি বৰপেটাত জয়ী হৈ সংসদলৈ নিৰ্বাচিত হৈ যায়, তেতিয়া আপুনি আগৰ দৰে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ যে বিৰোধিতা কৰিব সেই কথা আপুনি ক'ব পাৰিবনে?

কুমাৰ দীপক দাসঃ আপোনাক আগতেই মই মোৰ মত জনাইছো।…

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ এইবাৰ নিৰ্বাচনত মুলত আপোনাৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে আৰু কিমান ভোটত আপুনি জয়ী হ'ব বুলি আশা কৰিছে?

কুমাৰ দীপক দাসঃ মিত্ৰজোঁটত আমি যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিলো, সেই মিত্ৰজোঁটৰ প্ৰতি কেৱল অগপ, বিজেপি, বিপিএফ নাই। আমাৰ শুভাকাংক্ষী বহুত আছে। মিত্ৰজোঁটৰ প্ৰতি সংখ্যালঘু লোকে বিশেষভাৱে সমৰ্থন জনাবলৈ ওলাই আহিছে। কাৰণ এন আৰ চি হোৱাৰ পাছত নতুন আশাৰ সূচনা হৈছে। আৰু ইয়াক লৈ দৰ্শনৰ কিছু কিছু পৰিৱৰ্তন হৈছে।… গতিকে আমি কংগ্ৰেছ, এ আই ইউ ডি এফতকৈ বেছি ভোট লাভ কৰি জয়ী হম।