/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/KULADHAR.jpg)
ডিজিটেল ডেস্ক: সোমবাৰে নিউ গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ এগৰাকী সৰহবৰহী ব্যক্তি তথা সমাজিক বিভিন্ন কামৰ সৈতে ওতপ্রোতভাবে জড়িত কুলধৰ দাসৰ দেহাৱসান ঘটে। দাসৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।
গুৱাহাটীৰ এপ'ল হাস্পাতালত চিকিৎসাধীন হৈ আছিল দাস। ১৯৩৮চনত জালুকবাৰীৰ শদিলাপুৰত জন্ম হোৱা দাস স্থায়ীকৈ নিউ গুৱাহাটীতে বাস কৰিছিল। ১৯৯৬চনত গুৱাহাটী ৰিফাইনেৰীৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেওঁ। তাৰ পিছতে তেও সামাজিক কামৰ সৈতে জড়িত হৈ পৰে।
নিউ গুৱাহাটীৰ বিহু, পূজাৰ লগতে উন্নয়ন সমিতিৰ সৈতে অন্তিম মুহূর্তৰ লৈকে জড়িত হৈ আছিল তেওঁ। মৃত্যুৰ সময়ত তেও পত্নী জষমতী দাসৰ লগতে ৩সন্তানৰ নাতি-নাতিনীক এৰি থৈ যায়। দাসৰ ডাঙৰ পুত্ৰ জীৱিকা সূত্ৰে বাস কৰে আমেৰিকাত। তেখেতৰ মৃত্যুত নিউ গুৱাহাটীৰ সচেতন মহলে গভীৰ শোক প্ৰকাশ কৰে।
আৰু পঢ়ক:
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us