জেহাদীৰ পিছত  এইবাৰ KULA…

জেহাদীৰ পিছত  এইবাৰ KULA…

author-image
asomiyapratidin
New Update
জেহাদীৰ পিছত  এইবাৰ KULA…

ডিজিটেল ডেস্ক : জেহাদীৰ পিছত ৰাজ্যত এইবাৰ KULA ৰ তৎপৰতা। KARBI UNITED LEBARATION ARMY চমুকৈ KULAৰ সক্ৰিয়তা বৃদ্ধি পাইছে ৰাজ্যত। কুলাৰ অধ্যক্ষ ডেনিয়েল টেৰণ সহ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Advertisment

ধনদাবী আৰু হিংসাৰ উদ্দেশ্যে আহিছিল কুলাৰ সদস্য। অসম আৰক্ষীয়ে লগতে জব্দ কৰিছে ধনদাবী পত্ৰ, মাৰণাস্ত্ৰৰ লগতে উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা পোছাক। সমগ্ৰ বিষয়টো টুইট যোগে আইন-শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিয়ে।

তেওঁ টুইটোত উল্লেখ কৰিছে,"কিছু বিপথগামী যুৱক-যুৱতীয়ে কাৰ্বি ইউনাইটেড লিবাৰেচন আৰ্মী গঠন কৰি কাৰ্বি আংলঙত উৎপীড়ন আৰু হিংসাৰ জৰিয়তে অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছিল। এই ক্ষেত্ৰত জড়িত আছিল এছ.এছ.ৰ অধ্যক্ষ ডেনিয়েল টেৰন,  ফ্লীটগ্লিং গ্ৰুপ আৰু গ্ৰেপ্তাৰ কৰা তিনিজন ব্যক্তি। মাৰণাস্ত্ৰ,  সেনাৰ পোছাক, ধন দাবীৰ পত্ৰ দলটোৰ পৰা উদ্ধাৰ কৰা হৈছে।"

আৰু পঢ়ক : অশান্ত হোৱাৰ দিশে দক্ষিণ পূব এছিয়া ! চীনৰ চৰম ভাবুকিৰ পিছতো টাইৱানত উপস্থিত আমেৰিকাৰ প্ৰতিনিধি….

gp singh assam himanta biswa sarma Assam police