/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/koydi.jpg)
ডিজিটেল ডেস্কঃ দেশে স্বাধীনতা লাভ কৰা গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত দেশজুৰি "আজাদী কা অমৃত মহোৎসৱ" অনুষ্ঠিত হৈ থকাৰ সমন্তৰালকৈ 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীও অব্যাহত আছে। ইয়াৰ মাজতে আকৌ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ সমূহলৈ আগবঢ়াইছে এক বিশেষ নিৰ্দেশনা। সেই অনুসৰি ৰাজ্যসমূহৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়া হ'ব।
কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি ইতিমধ্যে মধ্য প্ৰদেশ চৰকাৰৰে ৰাজ্যখনৰ ভিন্ন কাৰাগাৰত আজীৱন বন্দী হৈ থকা ৩৫৬জন কয়দীক কাৰামুক্ত ঘোষণা কৰিছে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে মধ্য প্ৰদেশ চৰকাৰৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাইকয়দী সকলক মুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
কয়দীসকলক এইদৰে মুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ বাৰ্ষিক অনুশীলনৰ ভিত্তিত মুক্তি দিয়াৰ ব্যবস্থা কৰা হৈছে। আনহাতে অসম চৰকাৰৰ গৃহ বিভাগেও কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই ক্ষেত্ৰত গৃহ বিভাগে এক বিশেষ নীতি গ্ৰহণ কৰিছে। কাৰাগাৰসমূহত যিসকল কয়দী আজীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু তেওঁলোকে ইতিমধ্যে জীৱনৰ আধা সময় কাৰাগাৰত দিন পাৰ কৰিছে আৰু তেওঁলোকৰ বয়স ৫০ ৰো অধিক হৈছে সেইসকলক মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ধৰ্ষণ,মৃত্যুদণ্ড,সন্ত্ৰাসবাদ আদিৰ দৰে অপৰাধত কাৰাবন্দী হৈ থকা কয়দীৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব।