/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/fpbic3b5/fffff.jpg)
ডিজিটেল সংবাদ কামপুৰঃ শুকুৰবাৰে গৰুবন্ধা কাৰ্বি গাঁৱৰ তিনি গৰাকী ছাত্ৰী গাঁও খনৰ কাষতে থকা এটা পুখুৰীত গা ধুবলৈ গৈ মৃত্যুবৰণ কৰাত পিতৃ মাতৃৰ লগতে গাঁওখনৰ ৰাইজ শোকত ভাগি পৰিছে।
জানিব পৰা মতে তীব্ৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ১ মান বজাত গাঁও খনৰ বজৰং বে' ৰ দুগৰাকী কন্যা লক্ষ্মী বেপী(ষষ্ঠ শ্ৰেণী) নিপিকা দেৱী (চতুৰ্থ শ্ৰেণী) আৰু ইন্দ্ৰ পানিকাৰ ষষ্ঠ শ্ৰেণীত পঢ়া কন্যা সুহানী পানিকা পুখুৰীটোত গা ধুবলৈ গৈ তিনিও জনীৰে সলিল সমাধি ঘটে।
বহু পলমকৈ ঘটনাটোৰ গম পাই ৰাইজে মৃতদেহ কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে আৰু কঠীয়াতলী আৰক্ষীক বিষয়টো অৱগত কৰে। কঠীয়াতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈয়ে জনোৱা মতে ইতিমধ্যে মৃতদেহ দণ্ডাধিশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা ব্যৱস্থা কৰা হৈছে। ঘটনাটো অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Also Read: উৰিয়াগাঁৱত অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক উষ্ম আদৰণি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us