/asomiyapratidin/media/media_files/2025/05/22/0GoijRUmRWGwxuiCfxRG.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ নানান অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ তেওঁৰ এগৰাকী অনুগতৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। পূৰ্বৰ নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য তথা এতিয়াৰ সক্ৰিয় বিজেপি কৰ্মী হিচাপে নেতৃত্বৰো দায়িত্বত থকা দেৱলাল গাৰ্লোছাৰ এই অনুগতই বিভিন্ন সময়ত তেওঁৰ লগত থকা অবৈধ মাৰণাস্ত্ৰৰে বিভিন্নজনক ভাবুকি দিয়াৰ অভিযোগ উঠিছে।
কনেট লাংথাছা ওৰফে ৰেছলি ডিমাছা নামৰ এই সক্ৰিয় বিজপে কৰ্মীজন চি ই এম দেৱলাল গাৰ্লোছাৰ অতি ঘনিষ্ঠ। দেহাংগী সমষ্টিৰ ডিমাডাও ৱাপু গাঁৱৰ বাসিন্দা কনেট লাংথাছাই বৰ্তমান ডিমা জালাই হাছৌৰ উমৰাংছু শাখা কমিটীৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে।
দেৱলাল গাৰ্লোছাৰ সপক্ষে যোৱা সময়ছোৱাত সংবাদ মেলো সম্বোধন কৰা এইগৰাকী নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি তেওঁৰ হাতত আছে অবৈধ মাৰণাস্ত্ৰ।এই অস্ত্ৰৰে বিভিন্নজনক ভয়-ভাবুকি দি আহিছে।
আত্মসমৰ্পণৰ সময়ত এই মাৰণাস্ত্ৰ চৰকাৰ ওচৰত জমা নিদিয়াকৈ নিজৰ লগত ৰখাৰো অভিযোগ। সেয়ে সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বিষয়ে দৃষ্টি ৰাখি চৰকাৰক শীঘ্ৰেই এই অবৈধ অস্ত্ৰ সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। বহুতৰে সন্দেহ পূৰ্বৰ বিদ্ৰোহী এইসকলৰ হাতত এতিয়াও বহু পৰিমাণে অবৈধ মাৰণাস্ত্ৰ মজুত আছে। ভালকৈ তদন্ত কৰিলে বহু তেনে অস্ত্ৰ উদ্ধাৰৰ সম্ভাৱনা আছে।