ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ...

ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ...

ডিজিটেল সংবাদ,‌ ওৰাং : ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘই বাধাৰ সৃষ্টি কৰাৰ বিস্ফোৰক অভিযোগ কোচ ৰাজবংশী সন্মিলনীৰ। বৃহৎ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মানি লৈছে যদিও নিৰ্দিষ্ট চাৰিখন জিলাত সীমাবদ্ধ হৈ থকা ট্ৰাইবেল সংঘই বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰাৰ অভিযোগ সন্মিলনীৰ সভাপতি দেৱ কুমাৰ শইকীয়াৰ।

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণত বাধাৰ সৃষ্টি কৰিলে অনাগত দিনত ট্ৰাইবেল সংঘৰ কাম-কাজতো সন্মিলনীয়ে বাধা প্ৰদান কৰাৰ হুংকাৰ। শনিবাৰে আবেলি ওদালগুৰি জিলাৰ ৰৌতাৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত সদৌ কোচ ৰাজবংশী সন্মিলনীৰ এক প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সন্মিলনীৰ নেতৃবৃন্দই সংঘক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰে।

শান্তি আলোচনাৰ নামত কে এল অ'ৰ সভাপতি জীৱন সিংহক চাংচাৰীৰ সেনা শিবিৰত বন্দী কৰি হাৰাশাস্তি কৰাৰ লগতে আলোচনাৰ নামত চৰকাৰে ভেকো-ভাওনা কৰাৰ অভিযোগ সন্মিলনীৰ। আনকি বিভিন্ন প্ৰান্তৰ পৰা কে এল অ' সদস্যক গ্ৰেপ্তাৰ কৰাৰো অভিযোগ উত্থাপন কৰে। অতি শীঘ্ৰেই শান্তি আলোচনা তৰান্বিত কৰিবলৈ দাবী জনাই নেতাসকলে।

সমান্তৰালকৈ সমষ্টি পুনঃনিৰ্ধাৰণৰ নামত জনগোষ্ঠীটোক ৰাজনৈতিক ভাবে নিঃশেষ কৰাৰ পৰিকল্পনা কৰি ৰাজবংশী অধ্যুষিত ধুবুৰী, গোলকগঞ্জ, বিলাসিপাৰা, গোৱালপাৰা, গৌৰিপুৰ, মানকাচাৰকে আদি কৰি প্ৰায় ১৫ টা বিধানসভা সমষ্টিত বদৰুদ্দিন আজমলক বৰপিৰা পাৰি দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ ৰখাৰ দাবী জনাই সন্মিলনীৰ নেতৃত্বই।

তদুপৰি সন্মিলনীৰ প্ৰতিনিধি সভাখনত আন কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী তাৎক্ষণিকভাবে পূৰণ কৰা, অসমৰ কোচ ৰাজবংশীৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দিশ সুৰক্ষিত কৰা, কে এল অ'ৰ সভাপতি জীৱন সিংহৰ সৈতে শান্তি আলোচনা আগবঢ়াই নিয়া, Merger agreementৰ আধাৰত পৃথক কমতাপুৰ গঠন কৰাৰ লগতে নতুন শিক্ষা নীতিৰ আধাৰত কোচ ৰাজবংশী ছাত্ৰ-ছাত্ৰীক ৰাজবংশী মাতৃভাষাত শিক্ষাদান কৰাৰ দাবী জনাই প্ৰতিনিধি সভাই ।

উল্লেখিত দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক অহা ১৫ আগষ্ট, ২০২৩ লৈ সময়সীমা বান্ধি দিছে প্ৰতিনিধি সভাখনিয়ে। সময়সীমাৰ ভিতৰত দাবী পূৰণ নকৰিলে বিজেপি চৰকাৰৰ বিপক্ষে অৱস্থান লোৱাৰ হুংকাৰ প্ৰদান কৰে।

ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ...
দেশৰ প্ৰান্তে প্ৰান্তে জলপ্ৰলয়ঃ স্তব্ধ যাতায়ত, কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in