ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলক ৰাজ্যৰ শাসনৰ গাদীত বহা প্ৰত্যেক টো ৰাজনৈতিক দলে প্ৰতাৰণা কৰি আহিছে। যাৰ বাবেই কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকল ভূমি পুত্ৰ হোৱাৰ পিছতো আজি ভূমিহীন হবলগীয়া হৈছে এই অভিযোগ কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ সভাপতি হৃদয় ৰায়ৰ।
আজি চিৰাং জিলাৰ সুন্দৰীত গণ গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰি কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা চমুকৈ ক্ৰাঞ্চুই শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেঁও কয় যে আমি যুৱ শক্তিয়ে নতুনকৈ সংগ্ৰাম আৰম্ভ কৰিছো আমাৰ যি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ আজুৰি অনাৰ স্বাৰ্থত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই ধাৰাবাহিক ভাবে সংগ্ৰাম চলাই যাব।
লগতে তেওঁ কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে বিজেপি চৰকাৰে জাতিটোক যি প্ৰতাৰণা কৰিলে কোচ ৰাজবংশী জনগোষ্ঠীয়ে সেয়া সদায় মনত ৰাখিব। অনুষ্ঠানতেই ৰাজ্যৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা সেয়া সমাধান কৰাৰ সদিচ্ছা নাই, সদিচ্ছা থকা হলে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলে আন্দোলন কৰিব লগীয়া নহলহেঁতেন।
লগতে তেওঁ কয় যে আগন্তুক বিধান সভা নিৰ্বাচনৰ আগে আগে যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰা নহয় তেনেহলে বিজেপি চৰকাৰৰ বিৰুদ্ধে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকল মাৰ বান্ধি ঠিয় দিবলৈ প্ৰস্তুত। কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকল যাতে শৈক্ষিক, ৰাজনৈতিক আদি বিভিন্ন দিশত আগবাঢ়ি যাব নোৱাৰে তাৰ বাবে চৰকাৰেই কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠন সমুহক বিভিন্ন ৰাজনৈতি ষড়যন্ত্ৰৰ বলি বনাই বহুধাবিভক্ত কৰি আছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ক্ৰাঞ্চুৰ সভাপতি হৃদয় ৰায়ে।
সভাতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি নন্দন দেৱনাথে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত মত পোষণ কৰে। তেঁও কয় যে কোচ ৰাজবংশী জনগোষ্ঠী ভাৰতৰ ভিতৰত অন্যতম এক শক্তিশালী জনগোষ্ঠী। কোচ ৰাজ্যৰ প্ৰধান সেনাপতি বীৰ চিলাৰায় নেপোলিয়ন বোনাপাৰ্টৰ সমকক্ষ বীৰ আছিল। তদানীন্তন বৃটিছ চৰকাৰে কমতাপুৰ ৰাজ্যক ঠানবান কৰাৰ বাবেই কমতাপুৰ ৰাজ্যক অসম,বেংগল, নেপাল আৰু বাংলাদেশ এই চাৰি খন ৰাজ্যত ভাগ ভাগ কৰি দিছিল।
বৃটিছৰ পিছতেই এতিয়া ভাৰত চৰকাৰে ঐতিহাসিক ভাবে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলক চৰম প্ৰতাৰণা কৰাৰ লগতে এক প্ৰকাৰ ঠগি আহিছে। তাৰোপৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকল যাতে উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিব নোৱাৰে তাৰ বাবে শাসনত থকা চৰকাৰে জনগোষ্ঠীয় দল সংগঠন সমুহক বিভিন্ন প্ৰকাৰে ৰাজনৈতিক মেৰ পেছত সুমুৱাই নিজৰ মাজতেই বহুধাবিভক্ত কৰি খোৱাকামৰা লগাই থাকে যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকল আগুৱাই যাব নোৱাৰে।
জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো ৰাইজক বহুধাবিভক্ত হৈ নাথাকি একত্ৰিত ভাবে ওলাই আহিবলৈ তেঁও আহ্বান জনায়। আনহাতে আন্দোলনৰ নামত কেৱল এক ঘন্টা দুই ঘন্টা আন্দোলন নকৰি প্ৰয়োজনত হাৰিয়ানাৰ কৃষক সকলে কৰা আন্দোলনৰ দৰে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰস্তুত থাকিব লাগিব বুলি উল্লেখ কৰি সেই সময় সমাগত বুলিও তেঁও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।
আজি অনুষ্ঠিত গণ গৰ্জন অনুষ্ঠানত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি হৃদয় ৰায়, কমতাপুৰ অটোনোমাছ কাউঞ্চিলৰ সদস্য বিক্ৰম জিৎ ৰায়, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি নন্দন দেৱনাথ, মমি চৌধুৰী, মহিধৰ ৰায় আদিৰ লগতে কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।
উল্লেখ যোগ্য যে আজি অনুষ্ঠিত গণ গৰ্জন সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা শিৱ সাগৰৰ বিধায়ক অখিল গগৈ উপস্থিত থকাৰ কথা আছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে সভাত উপস্থিত থকাৰ পৰা বিৰত থাকিব লগা হয় বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা মহিধৰ ৰায়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।