অসম ভিত্তিক নাওখেল প্ৰতিযোগিতা, লোকে- লোকাৰণ্য কলহী নদীৰ দুয়োপাৰ...

অসম ভিত্তিক নাওখেল প্ৰতিযোগিতা, লোকে- লোকাৰণ্য কলহী নদীৰ দুয়োপাৰ...

author-image
Dimpul Borgohain
New Update
অসম ভিত্তিক নাওখেল প্ৰতিযোগিতা, লোকে- লোকাৰণ্য কলহী নদীৰ দুয়োপাৰ...

ডিজিটেল সংবাদ, ছমৰীয়াঃ কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ চাম্পপাৰা,তামদী কলহী নদীত চাম্পপাৰা,তামুলদি কলহীকাষ আঞ্চলিক নাওঁ খেল কমিটীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অসম ভিত্তিত আয়োজন কৰিছে নামনি অসমৰ পৰম্পৰাগত অতিকৈ পুৰণি লোক- সংস্কৃতি তথা অন্যতম জনপ্ৰিয় খেল নাওঁ খেল প্ৰতিযোগিতাৰ ৷

এই নাওখেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্যা নুৰী খানম । মূখ্য অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

উদ্বোধনী খেলত ১৫ খনকৈ প্ৰতিযোগী নাওৱে অংশগ্ৰহণ। লোকে লোকাৰণ্য হৈ পৰা কলহী নদীৰ দুয়োপাৰৰ প্ৰায় লক্ষাধিক ৰাইজক আল্পুত কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে । বিধায়ক ৰেকিব উদ্দিন আহমেদে নাওখেলপ্ৰেমী ৰাইজক ধন্যবাদ জনাই উদগনিমূলক বক্তব্য দাঙি ধৰে।

কলহী নদী