/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/40f999a0-a765-43ca-a7f6-979f402c25ef/kolkata.jpg)
ডিজিটেল ডেস্ক : কলকাতাত এজন ব্যৱসায়ীৰ ঘৰত ইডিয়ে চলোৱা অভিযানত জব্দ কৰা হৈছে ১৭ কোটিৰো অধিক টকা। উল্লেখযোগ্য যে অবৈধ ধন সৰবৰাহৰ সন্দেহত শনিবাৰে ইডিয়ে ৬ স্থানত এই অভিযান চলাইছিল।
কলকাতাৰ গাৰ্ডেন ৰীছ অঞ্চলত চলোৱা অভিযানত উদ্ধাৰ হোৱা ধন গণিবলৈ ধন গণা মেচিন আনিবলগীয়া হয়। আমিৰ খান নামৰ ব্যৱয়ায়ী জনৰ বাসগৃহত আৰু ব্যাৱসায়ীক প্ৰতিষ্ঠানত ইডিয়ে পুৱাৰ পৰাই এই অভিযান চলাইছিল।
উদ্ধাৰ হোৱা ধনবোৰ পাঁচশ, দুহেজাৰ আৰু দুশ টকীয়া আছিল। এই ব্যাৱসায়ীজনে মোবাইল গেভিঙৰ এপ্লিকেশনৰ জৰিয়তে বহুলোকৰ পৰা জালিয়াতিৰে ধন আত্মহাৎ কৰিছিল।
২০২১ চনৰ ফেব্ৰুৱাৰীতেই তেওঁৰ মালিকাধীন এই কোম্পানীটোৰ বিৰুদ্ধে কলকাতা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।