/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/rojic.jpg)
ডিজিটেল সংবাদ, মাজুলী: উজনী মাজুলী নয়াবজাৰ তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাৱঁৰ ৰাহুল সেনাপতি নামৰ যুৱক জন কলিয়াবৰত মঙলবাৰে পুৱা সংঘটিত দুৰ্ঘটনাত পতিত হৈ থিতাতে মৃত্যু হয়।লগৰ চাৰিজন বন্ধুৰ সৈতে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত কলিয়াবৰতে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হয় ৰাহুল সেনাপতিৰ।
ৰাহুল সেনাপতিৰ লগতে মৃত্যু হৈছে আন তিনিজন বন্ধুৰ। যোৰহাট চেন্টেল কলেজৰ বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ আছিল ৰাহুল। তিনিবছৰৰ আগতে পঢ়িবৰ বাবে মাজুলীৰ পৰা যোৰহাটলৈ ওলাই যোৱা ৰাহুল আজি ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবতি লোৱাত ঘৰখনৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
খবৰ আহি পোৱাৰে পৰা ৰাহুলৰ বাসগৃহত এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে। গাঁৱৰ সকলো আহি ৰাহুলৰ ঘৰত ভিৰ কৰাহি দেখিবলৈ পোৱা গৈছে। মাতৃয়ে বিচনাত বাগৰি হিয়া ঢাকুৰি কান্দিছে।
আৰু পঢ়ক: যিকোনো মুহুৰ্ততে দেৱেন্দ্ৰ ফাডনাভিছৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা হোৱাৰ সম্ভাৱণা…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us