/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/jjitu.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰ মহকুমাৰ গোমোঠাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত ট্ৰাকৰ খুন্দাত এজন বাইক আৰোহী নিহত।
নিহত গৰাকীৰ নাম জিতু মনি বৈশ্য। কলিয়াবৰ বৈদ্যুতিক সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী জিতুমণি। যুৱকজনৰ ঘৰ কলিয়াবৰৰ চতিয়ালত।
এখন বাইকত ঘৰলৈ গৈ থকা অৱস্থাতে দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই যুৱকজনক। বাইকখনৰ নম্বৰ এ এছ ১২ ৱাই ৫২৪৪ । পিতৃ-মাতৃ,সহধৰ্মিনী সহ এটি পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যোৱা জিতুমনিৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
আৰু পঢ়ক: কাকপথাৰত পেলনীয়া সামগ্ৰী আৰু চেপেটা শিলৰ ওপৰত চিত্ৰ কৰ্মশালা…
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
 Follow Us
 Follow Us