/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/roadc.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ বাগৰিত মঙলবাৰে পুৱা সংঘটিত হয় এটি ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বাঢ়নী পানীত সোমাই সলিল সমাধি ঘটে চাৰিজন লোকৰ ৷
জানিব পৰা মতে পুৱা প্ৰায় ৮ মান বজাত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এ এছ ০৩ এ ই ৮০০৩ নম্বৰৰ হোণ্ডা এক্সচেন্ট গাড়ী খনে নিয়ন্ত্ৰন হেৰুৱাই বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাঢ়নী পানীৰে পৰিপূৰ্ণ দ' খাৱৈত সোমাই পৰে ৷
ফলত গাড়ীখনৰ পাচজন আৰোহীৰ ভিতৰত চাৰিজনৰেই মৃত্য়ু ঘটে যদিও এজনে কথমপি প্ৰান ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ যাত্ৰী সকলৰ বাতৰি যুগুটোৱা সময়লৈকে আৰক্ষীয়ে পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷