/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/mic.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ: "হিমন্ত বিশ্ব শৰ্মাৰ যদি পইচা নাই আমি ৫০০ টকা দান দিম" – কলিয়াবৰত এইদৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল একাংশ মহিলা। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা প্ৰতিগৰাকী মহিলা ২৫ হাজাৰ টকাৰ চেক দিয়া কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২৫ হাজাৰৰ পৰিবৰ্তে ৪০০/৫০০/১০০০ হাজাৰ টকাৰ চেক পাই ৰুদ্ৰমুৰ্তি ধাৰণ কৰে একাংশ মহিলাই।
অসম মাইক্ৰ'ফাইনেঞ্চ উদগণি আৰু সকাহ আঁচনিৰ অধীনত সোমবাৰে ঋণ নিয়মীয়া পৰিশোধকাৰী সকলৰ মাজত বিতৰণ কৰা হয় চেক। অসম চৰকাৰৰ হৈ চেকসমূহ বিতৰণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে কলিয়াবৰ উন্নয়নখণ্ডৰ অধীনৰ হিতাধীকাৰিসকলক বিতৰণ কৰা হয় চেক। মন্ত্ৰী কেশৱ মহন্তই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পিচতে চৰকাৰী কৰ্তৃপক্ষই উপষ্ঠিত মহিলাসকলক বিতৰণ কৰে চেক।
কিন্তু ২৫ হাজাৰ টকাৰ চেকৰ পৰিবৰ্তে ৪০০ ৰ পৰা ২০০০ টকাৰ চেক লাভ কৰাত একাংশ মহিলাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি। কলিয়াবৰত মাইক্ৰফাইনেঞ্চৰ চেক বিতৰণত উত্তপ্ত পৰিস্থিতি।একাংশ মহিলাই ধৰিলে ৰণচণ্ডী ৰূপ।
২৫ হাজাৰৰ পৰিবৰ্তে ৪০০/৫০০/১০০০ হাজাৰ টকাৰ চেক পাই ৰুদ্ৰমুৰ্তি ধাৰণ কৰে একাংশ মহিলাই।
কলিয়াবৰত মাইক্ৰ'ফাইনাঞ্চৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত।
কলিয়াবৰৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাটবৰত মাইক্ৰ'ফাইনাঞ্চ গোটৰ মহিলাক চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে বিতৰণ কৰে মাইক্ৰ'ফাইনাঞ্চৰ চেক।
মন্ত্ৰী কেশৱ মহন্তই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পিচতে চৰকাৰী কৰ্তৃপক্ষই উপস্থিত মহিলাসকলক বিতৰণ কৰে চেক।