/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-20-at-4.22.11-PM.jpeg)
ডিজিটেল সংবাদ, কলিয়াবৰ : সাত বিহুৰ পৰম্পৰা ৰক্ষা কৰি বুধবাৰে চেৰা বিহুৰ দিনাই কলিয়াবৰ প্ৰেছ ক্লাৱে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে উদযাপন কৰিলে প্ৰাণৰ ব'হাগ, ৰঙালীৰ ৰং শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।
কলিয়াবৰ প্ৰেছ ক্লাবৰ জখলাবন্ধা, হস্পিতাল চাৰিআলিস্থিত কাৰ্যালয়ৰ চোতালত ২৪ ঘন্টাই কৰ্মৰ মাজতে নিয়োজিত হৈ থকা সংবাদকৰ্মী¸ আৰক্ষী প্ৰশাসন¸ মহকুমা প্ৰশাসনৰ লোকসকলে কিছু সময়ৰ বাবে হ'লেও কলিয়াবৰ প্ৰেছ ক্লাৱৰ বাকৰিত এপাক বিহু¸ হুঁচৰি মাৰি উদযাপন কৰিলে ৰঙালীৰ ৰং।
কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, কলিয়াবৰৰ চক্ৰ বিষয়া নিতীশা বৰা, কলিয়াবৰৰ নিৰ্বাচনী বিষয়া ভূপালী কাশ্যপ, সংলগ্ন চক্ৰ বিষয়া ৰাজনিশাণ শৰ্মা, কলিয়াবৰ থানাৰ আৰক্ষী বিষয়া ৰাজীৱ বৰা, জখলাবন্ধা থানাৰ আৰক্ষী বিষয়া বিকু বৰ্মন, চুলুং আৰক্ষী চকীৰ আৰক্ষী বিষয়া মৃদুল নাথকে ধৰি কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লোকসকলে নাচিবাগী গীত গাই ৰঙালীৰ আনন্দ প্ৰকাশ কৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ চোতালত৷
বিশিষ্ট সংগীত শিল্পী ৰবীন বৰাই গীত পৰিৱেশন কৰে অনুষ্ঠানটোত৷ উল্লেখ্য যে ৰঙালীৰ সময়তো আৰক্ষী, প্ৰশাসনকে ধৰি এইসকল লোক নিজ ঘৰ তথা পৰিয়ালৰ পৰা চৰকাৰী কতৰ্ব্যৰ বাবেই নিলগত থাকি বিহু উদযাপন কৰাৰ পৰাও বিৰত থাকিব ল'গা হোৱালৈ লক্ষ্য ৰাখি কলিয়াবৰ প্ৰেছ ক্লাবে এইসকলক লৈ আজিৰ চেৰা বিহুৰ দিনটো এই অনুষ্ঠানৰ আয়োজন কৰে কলিয়াবৰ প্ৰেছ ক্লাবে৷ প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত সভাপতি তপন শইকীয়াই সকলোকে আদৰণি জনায়৷
ব্যতিক্ৰমী অনুষ্ঠানটিৰ বিশেষ আকৰ্ষণ আছিল আজিৰ দিনটোৰ বাবে কলম কেমেৰা একাষৰীয়া কৰি নিজেই হুঁচৰি গায় প্ৰেছ ক্লাটৰ সদস্যসকলে৷ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকলে আটি কাৰ্বি নৃত্য প্ৰদৰ্শন কৰে অনুষ্ঠানটিতে৷ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া, নিৰ্বাচনী বিষয়াকে আদি কৰি গীত পৰিৱেশন কৰে প্ৰেছ ক্লাবৰ চোতালত৷ শেষত সমূহীয়া বিহুনৃত্যৰে অনুষ্ঠানৰ সামৰণি পৰে৷