দুয়োজন মহীৰূহৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই পথৰ কাষত অংকন কৰিলে প্ৰতিচ্ছবি...

মাত্ৰ এটা দিনৰ ব্যৱধানত দুজনকৈ মহীৰূহৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসীৰ লগতে কলিয়াবৰবাসী ৰাইজ

author-image
Asomiya Pratidin
New Update
দুয়োজন মহীৰূহৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই পথৰ কাষত অংকন কৰিলে প্ৰতিচ্ছবি...

koliabor

ডিজিটেল সংবাদ, কলিয়াবৰ : মাত্ৰ এটা দিনৰ ব্যৱধানত দুজনকৈ মহীৰূহৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসীৰ লগতে কলিয়াবৰবাসী ৰাইজ। অসমীয়া ছবি জগতৰ ভোটাতৰা সদৃশ নিপন গোস্বামীৰ মৃত্যুৰ মাত্ৰ এটা দিনৰ পাছতে শুকুৰবাৰে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত পুনৰ শোকস্তব্ধ হৈছে ৰাজ্যবাসী।

Advertisment

দুয়োজন মহীৰূহৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই কলিয়াবৰৰ দুজন চিত্ৰশিল্পী ক্ৰমে কেশৱ পাচনি আৰু কংকন জ্যোতি শৰ্মাই কলিয়াবৰৰ শিক্ষা মহাবিদ্যালয়ৰ পথৰ কাষৰ বেৰত অংকন কৰিলে প্ৰতিচ্ছবি।

assam koliabor