চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত মধ্যভোগীৰ দপ-দপনি : থলুৱা কৃষকক ৰাম ঠগন কৃষি বিভাগৰ…

চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত মধ্যভোগীৰ দপ-দপনি : থলুৱা কৃষকক ৰাম ঠগন কৃষি বিভাগৰ…

author-image
asomiyapratidin
New Update
চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত মধ্যভোগীৰ দপ-দপনি : থলুৱা কৃষকক ৰাম ঠগন কৃষি বিভাগৰ…

ডিজিটেল সংবাদ কলিয়াবৰ: প্ৰতি কুইন্টল ধান ১৯৪০ টকা দৰত কৃষকৰ পৰা ক্ৰয় কৰি কৃষকক লাভাম্বিত কৰা আঁচনি খন বুমেৰাংলৈ পৰ্যবসিত হৈছে কলিয়াবৰত। অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধান ক্ৰয় কৰি কৃষকৰ বেংক একাউন্টৰ জৰিয়তে ৰাজ্য চৰকাৰে ধানৰ মূল্য কৃষকক পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে যদিও একাংশ মধ্যভোগী ধানৰ ব্যৱসায়ীয়ে গাঁৱে গাঁৱে কৃষকৰ পৰা প্ৰতি কুইন্টল ধান ১২০০ ৰ পৰা ১৪০০ টকা দৰত ক্ৰয় কৰি ১৯৪০ টকাত বিক্ৰী কৰিছে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত।

কলিয়াবৰৰ শান্তিপুৰত থকা কলিয়াবৰ ৰাইচ মিলত কৃষকৰ ধান ক্ৰয় কৰি থকা হৈছে যদিও ইয়াত একাংশ মধ্যভোগীয়ে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীক মেনেজ কৰি সুবিধা গ্ৰহণ কৰি আছে। আমাৰ হাতত পৰা তথ্য মতে যি ১৫৬ গৰাকী কৃষকে ধান ক্ৰয় কেন্দ্ৰটিত ধান বিক্ৰী কৰিছে এই সকলৰ ভিতৰত আছে ৰাজনৈতিক ব্যক্তিৰ নাম। কোনো দিন পথাৰত নামি নোপোৱা কৃষকে শ শ কুইন্টল ধান বিক্ৰী কৰিছে কেন্দ্ৰটিত। তাৰোপৰি কৃষকৰ পৰিবৰ্তে আছে অধিকাংশ ধান ব্যৱসায়ীৰ নাম।

nagaon assam himanta biswa sarma ATUL BORA