/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/aaaaaa.jpg)
শিলঘাট মৰাপাট কলৰ আহত কৰ্মচাৰীদ্বয়
ডিজিটেল সংবাদ ,কলিয়াবৰঃ কলিয়াবৰৰ শিলঘাট স্থিত অসম সমবায় মৰাপাট কলত সংঘটিত এক আজৱ ঘটনাই চিন্তিত কৰি তুলিছে কল কৰ্তৃপক্ষৰ লগতে স্থানীয় সচেতন মহলক। কলিয়াবৰ প্ৰেছ ক্লাবত বুধবাৰে দুজন ভুক্তভোগী তথা মৰাপাট কলটোৰ কৰ্মচাৰীয়ে কলটোৰ কৰ্মী সন্থাৰ সভাপতি সম্পাদক আৰু এজন সদস্যৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে, কৰ্মী সন্থাৰ সভাপতি সম্পাদক আৰু সদস্য ক্ৰমে বিপুল বৰা, উমা গোহাঁই আৰু ভৈৰৱ কলিতাই সামান্য কথাতে অত্যাধিক মাৰপিট কৰি আহত কৰে। যোৱা ৩১ আগষ্টত সংঘটিত কৰে এই ঘটনা।
ইতিমধ্যে ভুক্তভোগী দুজন ক্ৰমে কনক বৰা আৰু ৰূপম সূতে উক্ত ঘটনাৰ উচিত ন্যায় বিচাৰি স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও প্ৰায় ৪৮ ঘন্টা সময় উকলি যোৱাৰ পাছতো আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰাত নিৰুপাই হৈ পৰা বুলি জনাইছে।
ভুক্তভোগী কৰ্মী দুজনে সদৰি কৰা মতে এই ঘটনাৰ পিছত যদি মৰাপাট কলত কৰ্মৰত হৈ থাকিব লগা হয় তেন্তে তেওঁলোকে কৰ্মী সন্থাৰ বিষয় ববীয়াৰ পৰা অধিক শাস্তিৰ সন্মুখীন হোৱাৰ আশংকা কৰি মৰাপাট কলটোৰ চাকৰি এৰি যাবলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰিছে। ইফালে ভুক্তভোগী কনক বৰাৰ শৰীৰত কৰ্মী সন্থাৰ বিষয় ববীয়াৰ অত্যাচাৰ কৰাৰ দাগ সাংবাদিক সকলে প্ৰত্যক্ষ কৰে। এতিয়া কথা হ'ল মৰাপাট কলটোৰ কৰ্তৃপক্ষই কৰ্মী সন্থাৰ বিৰুদ্ধে এই ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় l
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…