/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/morapaat.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যবাসীৰ লগতে ৰাজ্যৰ মৰাপাট উদ্যোগ খণ্ডলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে শিলঘাট মৰাপাট কলে । কলিয়াবৰৰ শিলঘাটত সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগ, অসম সমবায় মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ'ব।
সমাগত দুৰ্গা পূজাৰ পাছতে পৰীক্ষামূলক ভাবে আৰম্ভ কৰাৰ প্ৰস্তুতি তীব্ৰ গতিত চলাই থকা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। অৱশ্যে পৰীক্ষামূলক উৎপাদন প্ৰক্ৰিয়াৰ পাছতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত আৰম্ভ হ'ব কলটোৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন। বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে কলটোৰ পৰিচালন মণ্ডলীয়ে।
উল্লেখ্য যে, ১৯৭১ চনতে কলিয়াবৰৰ তদানীন্তন বিধায়ক লীলা কান্ত বৰাই শিলঘাটত স্থাপন কৰা অসম সমবায় মৰাপাট কলটোৱে গৌৰৱোজ্জ্বল ৫০ টা বছৰত বহু ঘাট-প্ৰতিঘাটৰ সন্মুখীন হৈ শেহতীয়াকৈ ৰাজ্যবাসীৰ বাবে কঢ়িয়াই অনা ভাল খবৰটোৱে এতিয়া উৎফুল্লিত কৰি তুলিছে জিলাখনৰ লগতে কলিয়াবৰবাসীক।
অসম চৰকাৰৰ পৰা লাভ কৰা ৯ কোটি ৯৯ লাখ ৩৮ হাজাৰ টকাৰ ঋন আৰু এন চি ডি চিৰ অধীনত অসম চৰকাৰৰ পৰা লাভ কৰা ২ কোটি টকাৰ চেয়াৰ কেপিটেল, এন চি ডি চিৰ ৰাজসাহায্য হিচাপে পোৱা ১ কোটি ৩২ লাখ ৫২ হাজাৰ টকা আৰু ঋন হিচাপে পোৱা ২৩ কোটি ৩৬ লাখ ৯২ হাজাৰ টকা, সৰ্বমুঠ ২৬ কোটি ৬৯ লাখ ৪৪ হাজাৰ টকা ব্যয় কৰি আৰম্ভ কৰা হৈছে এই দ্বিতীয়টো ইউনিটৰ কাম-কাজ।
বিগত বৰ্ষৰ পহিলা জানুৱাৰী মাহৰ পৰা অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ যন্ত্ৰ-পাতি সমূহ কলিকতা, চেন্নাই আৰু আহমেদাবাদৰ পৰা ক্ৰয় কৰাৰ লগতে দক্ষ আৰু অভিজ্ঞ বিষয়া-কৰ্মচাৰী নিয়োজিত কৰি যন্ত্ৰ-পাতি সমূহ স্থাপন কৰা হৈছে। ইতিমধ্যে দ্বিতীয়টো ইউনিটৰ বাবে ক্ৰয় কৰাৰ লগতে স্থাপন কৰা অত্যাধুনিক যন্ত্ৰ-পাতি সমূহৰ ভিতৰত আছে স্প্ৰেডাৰ মেচিন দুটা, কাৰ্ড মেচিন সাতটা, ড্ৰয়িং মেচিন দহটা, স্প্ৰিনিং মেচিন বাৰটা, ওৱাইনডিং মেচিন দহটা, বিমিং মেচিন দুটা, অটমেটিক এচ ফ'ৰ লুম মেচিন ৬০ টা, কাটিং মেচিন এটা, চিলাই মেচিন বিশটা, প্ৰিন্টিং মেচিন দুটা, বেল্ট প্ৰেছ এটা, এয়াৰ কম্পেচাৰ চাৰিটা আৰু জেনেৰেটৰ দুটা।
দৈনিক ১৮ টনকৈ উৎপাদন ক্ষম এই যন্ত্ৰ-পাতি সমূহৰ বাবে নতুনকৈ নিয়োজিত কৰা হ'ব অতিৰিক্ত ৪০০ৰ পৰা ৪৫০ গৰাকী নতুন শ্ৰমিক-কৰ্মচাৰী। ইয়াৰে ৩০ শতাংশ শ্ৰমিক-কৰ্মচাৰী নিয়োজিত হ'ব মহিলাৰ পৰা। এইয়া নিশ্চয় ৰাজ্যবাসীৰ বাবে আন এক ভাল খবৰ। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ঐকান্তিক প্ৰচেষ্টা তথা পৰিচালন মণ্ডলী আৰু মিল কৰ্তৃপক্ষৰ লগতে অসম সমবায় মৰাপাট কল কৰ্মী সন্থাৰ পূৰ্ণ সহযোগিতাত শেহতীয়াকৈ অসম সমবায় মৰাপাট কলটোৱে লাভৰ মুখ দেখা পোৱাৰ লগতে দ্বিতীয়টো ইউনিটৰ কাম সম্পূৰ্ণ হৈ উঠিছে।
একেৰাহে কেইবাটাও বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ অহা মৰাপাট কলটোৱে কভিড পৰিস্থিতি অৱসানৰ পাছতে কল কৰ্তৃপক্ষই গ্ৰহণ কৰা নতুন কৌশল আৰু শ্ৰমিক কৰ্মচাৰী সকলৰ ঐকান্তিক প্ৰচেষ্টাতে লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ লগতে অসম সমবায় মৰাপাট কললৈ অহা এটাৰ পাছত আনটো ভাল খবৰে কলটোত নিয়োজিত শ্ৰমিক কৰ্মচাৰীৰ পৰিয়াল সমূহৰ লগতে ৰাজ্য বাসীলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি ক'ব পাৰি।