কলিয়াবৰৰ ভূৰবন্ধাত অঘটনঃ বিদ্যুৎপৃষ্ঠ হৈ ছাত্ৰৰ কৰুণ মৃত্যু...

কলিয়াবৰত পুৱাই সংঘটিত হয় এক কৰুণ ঘটনা

author-image
Asomiya Pratidin
New Update
কলিয়াবৰৰ ভূৰবন্ধাত অঘটনঃ বিদ্যুৎপৃষ্ঠ হৈ ছাত্ৰৰ কৰুণ মৃত্যু...

koliabor death

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰত পুৱাই সংঘটিত হয় এক কৰুণ ঘটনা। মদন সিং চৌহান নামৰ ব‍্যক্তি গৰাকীয়ে নিশা কোনো দুষ্ট লোক বা আন কোনো জীৱ-জন্তু যাতে তেওঁৰ ঘৰলৈ আহিব নোৱাৰে তাৰ বাবে ঘৰৰ ভিতৰৰ পৰা বিদ‍্যুৎ সংযোগ কৰি চৌহদত বিদ‍্যুৎ প্ৰবাহিত কৰি থৈছিল।

Advertisment

পুৱা মদন সিং চৌহানৰ মাটিত চুক্তিত খেতিকৰা ওমৰ ফাৰুকৰ পুত্ৰ তথা দশম মান শ্ৰেণীৰ ছাত্ৰ মনজুৰ হাচানে পুৱা প্ৰায় ৬ বজাত খেতিলৈ মদন সিং চৌহানৰ চৌহদৰ বাটেৰে আহোতেই বিদ‍্যুৎ সংযোগ কৰি থোৱা তাঁৰত লাগি থিতাতে কৰুণ মৃত্যু হয়।

ঘটনাস্থলীত চুলুং আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ বিদ‍্যুৎ সংযোগকাৰী মদন সিং চৌহানক আটক কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।

assam koliabor death