কলিয়াবৰত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২২ লৈ বৃদ্ধি

কলিয়াবৰত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২২ লৈ বৃদ্ধি

author-image
asomiyapratidin
New Update
কলিয়াবৰত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২২ লৈ বৃদ্ধি

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহকুমাত কোভিডত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু ঘটিছে। বুধবাৰে নিশা তেজপুৰ মিছন হস্পিতালত মৃত্যু হোৱা লোক জন হৈছে নলতলি গাঁৱৰ গনেশ ভূঞা(৬২)।জখলাবন্ধা চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা ১৭ মে'ৰ পৰা কালিৰ দিনটোলৈকে দুটা মাহত কোভিডত আক্ৰান্ত হৈ কলিয়াবৰত মৃত্যু হোৱা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পালে।

ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইত চিকিৎসাধীন অৱস্থাত আন কেইবাজনো লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।