কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

author-image
asomiyapratidin
New Update
কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ. কলিয়াবৰ: কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অতীত সুঁৱৰি প্ৰাক্তন ছাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত নষ্টালজিক হৈ পৰে। কলেজত পঢ়ি থকা সময়ত কিদৰে অধ্যক্ষৰ পৰা সকলোকে পাছ কৰাই দিয়াৰ নিশ্চিতি লৈ পৰীক্ষাত বহিছিল সেই কথাও মন্ত্ৰী কেশৱ মহন্তই স্মৰণ কৰাৰ উপৰিও একেদৰে কলেজৰ পৰা ওলাই যোৱাৰ সময়তে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ এমাহ জে'ল খটা ঘটনাও কেশৱ মহন্তই ব্যক্ত কৰে ।

Advertisment

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক নৰেন্দ্ৰ নাথ হাজৰিকা, ড০ মৰমী গোস্বামী, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া বীৰেণ চন্দ্ৰ ফুকন, ড০ শিৱ ৰঞ্জন মহন্ত, মণি মাধৱ মহন্ত, প্ৰাক্তন অধ্যাপক ই নাৰায়ণ কাইমল, নবীন বৰঠাকুৰ, সুবৰ্ণলতা মহন্ত, মৃগাংক শেখৰ ভৰালী হাজৰিকা, জয়ন্ত কুমাৰ শৰ্মাকে প্ৰমূখ্য কৰি কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা আৰু শিক্ষকতাৰে সেৱা আগবঢ়োৱা প্ৰাক্তন শিক্ষক- কৰ্মচাৰীসকলে সোণালী জয়ন্তী সমাৰোহৰ মাহিন্দ্ৰক্ষণত অতীতৰ সোণালী স্মৃতি সুঁৱৰি নষ্টালজিক হৈ পৰে।

অনুষ্ঠানতে মণি মাধৱ মহন্তৰ সম্পাদনাত " সোণালী দস্তাবেজ" শীৰ্ষক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰকাশিত স্মাৰক গ্ৰন্থখনি অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেণ চন্দ্ৰ ফুকনকে প্ৰমূখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উন্মোচন কৰে। ইয়াৰ উপৰিও অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও এখন স্মাৰক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে প্ৰাক্তন সাধাৰণ সম্পাদকসকলৰ গোটে এখন ডাঙৰ দৌল শৰাই মহাবিদ্যালয়ত সংৰক্ষণৰ বাবে আগবঢ়াই।

সোমবাৰে বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে সোণালী জয়ন্তী সমাৰোহ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি কয় যে কলিয়াবৰ মহাবিদ্যালয়ে অঞ্চলটোত যি শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰি আহিছে সেয়া অসমৰ শিক্ষা জগতৰ বুৰঞ্জীত স্মৰণীয় হৈ থাকিব। কলিয়াবৰ মহাবিদ্যালয়ে কেৱল শিক্ষা দানতে যে ব্যস্ত থাকে এনে নহয় কলেজখনে স্থানীয় অঞ্চলটোত কিছু উন্নয়ন মূলক কামতো জড়িত হোৱাতো গৌৰৱৰ কথা।

সোনালী জয়ন্তী উৎসৱ বুলি কোনো কথা নাই কিন্তু এই সোনালী জয়ন্তীতে শিক্ষক- ছাত্ৰসকলৰ সমন্বিত প্ৰচেষ্টাৰে শৈক্ষিক দিশটো আগুৱাই নিয়াত ব্ৰতী হওক লগতে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰীয়ে মহাবিদ্যালয়ৰ এই বৰ্ষৰ আলোচনীখনৰ লগতে অধ্যাপিকা পিনাকী দাসৰ সঙ্গীতৰ এলবাম "চেতনা" উন্মোচন কৰে। অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰাক্তন ছাত্ৰ- ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে।

আৰু পঢ়ক: মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই, অসম আৰক্ষীৰ বিশেষ DGP আছিল IPS গৰাকী

assam kaliabor